মণিপুৰৰ পিছত এইবাৰ ৰাজস্থান: অবৈধ সম্পৰ্কৰ সন্দেহত পত্নীক উলংগ কৰি ৰাজপথত পেৰেড কৰালে স্বামীয়ে

Rajasthan

মণিপুৰৰ নৃশংস নাৰী উৎপীড়ন কাণ্ডই দেশজুৰি সৃষ্টি কৰিছিল চাঞ্চল্যৰ। এই ঘটনাক তীব্ৰ নিন্দা কৰিছিল দেশবাসীয়ে। মণিপুৰৰ এই বৰ্বৰ কাণ্ডৰ দৃশ্য মচ নাখাওঁতেই এইবাৰ অনুৰূপ আন এক ঘটনাই কঁপাইছে দেশ। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানত।

আন পুৰষৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষাৰ সন্দেহত এগৰাকী মহিলাক বৰ্বৰ নিৰ্যাতন চলাই দেশবাসীক লজ্জানত কৰিছে এগৰাকী ব্যক্তিয়ে। পত্নীক উলংগ কৰি, শাৰীৰিক প্ৰহাৰ কৰি পথৰ মাজেৰে পেৰেড কৰাৰ অভিযোগ উত্থাপন হৈছে এই ব্যক্তিগৰাকীৰ বিৰুদ্ধে।

প্ৰতাপগড় জিলাত সংঘটিত এই ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানে সদৰী কৰা মতে, মহিলাগৰাকী আন এগৰাকী পুৰুষৰ সৈতে সম্পৰ্কত থকা বুলি তেওঁৰ শহুৰেকে জানিব পাৰে। এই কথাত অসন্তুষ্ট হৈ তেওঁ মহিলাগৰাকীক অপহৰণ কৰি নিজ গাঁৱলৈ লৈ যায়।

ইয়াৰ পিছতে মহিলাগৰাকীক স্বামী আৰু শহুৰে মিলি এইদৰে উলংগ কৰি, অকথ্য নিৰ্যাতন চলাই পথৰ মাজেৰে পেৰেড কৰাই নিয়ে বুলি ৰাজস্থানৰ আৰক্ষী সঞ্চালক প্ৰধান উমেশ মিশ্ৰই জানিবলৈ দিয়ে।

ঘটনা সন্দৰ্ভত এইপৰ্যন্ত তিনিজনক আটক কৰা হৈছে আৰু অতি শীঘ্ৰে আন কেইজনমান লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে। জিলা আৰক্ষীয়ে ইতিমধ্যে গাঁওখনত বাহৰ পাতিছে বুলি জানিবলৈ দিয়া হৈছে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী অশোক গেহলটে এক টুইট যোগে ঘটনাটোক গৰিহণা দি এই বিষয়ত আটাইতকৈ কঠোৰ ব্যৱস্থা ল’বলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে।

সভ্য সমাজত এনে অপৰাধীৰ কোনো স্থান নাই বুলি উল্লেখ কৰি তেওঁ লগতে এই অপৰাধীসকলৰ যিমান সম্ভৱ সোনকালে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰা হ’ব আৰু শাস্তি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ শাসকীয় কংগ্ৰেছ চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে বিজেপিয়ে। বিজেপিৰ সভাপতি জে পি নড্ডাৰ দাবী, কংগ্ৰেছ এতিয়া দলীয় বিবাদ নিষ্পত্তি কৰাতহে ব্যস্ত। কিন্তু ৰাজ্যখনত মহিলাৰ সুৰক্ষাৰ বিষয়টো সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছে।

ৰাজ্যখনত চলিত বৰ্ষৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত ৰাজস্থানৰ ৰাইজে কংগ্ৰেছক এক উচিত শিক্ষা দিব বুলিও সকীয়াই দিয়ে নড্ডাই। বিজেপিৰে সাংসদ গজেন্দ্ৰ সিং শ্বেখাৱতে এই ঘটনাৰ পিছতো ৰাংল গান্ধী ক’ত আছে বুলি প্ৰশ্ন কৰে।