NORTHEAST NOW (Assamese)

ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ব্লেকমেইল কৰাৰ অভিযোগ ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰীৰ; তৰিলে গোচৰ

June 26, 2025 5:29 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 26, 2025 5:30 pm

শিল্পা শ্বেট্টীৰ স্বামী তথা উদ্যোগপতি ৰাজ কুন্দ্ৰা আৰু বিতৰ্ক যেন ইটোৱে সিটোক এৰি চলিব নোৱাৰে। ইতিমধ্যে আই পি এলত প্ৰৱঞ্চনা কৰাৰ অভিযোগত তেওঁক নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

কিন্তু সেই আই পি এলক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। এইবাৰ ৰাজস্থান ৰয়েলছৰ বৰ্তমানৰ স্বত্বাধিকাৰী মনোজ বাদলে ৰাজৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ অভিযোগ যে ৰাজে গোপন চুক্তি ৰাজহুৱা কৰি তেওঁলোকক ব্লেকমেইল কৰিবলৈ চেষ্টা কৰিছে।

২০০৮ চনত ৰাজ কুন্দ্ৰা আৰু শিল্পা শ্বেট্টীয়ে ৰাজস্থান ৰয়েলছৰ ১১.৭ শতাংশ শ্বেয়াৰ প্ৰায় ১৫.৪ মিলিয়ন ডলাৰত ক্ৰয় কৰিছিল। কিন্তু ২০১৫ চনত ৰাজৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছত দলটোৰ সৈতে তেওঁলোকৰ সম্পৰ্ক বিচ্ছিন্ন হৈ পৰে।

কিন্তু ৰাজে অভিযোগ কৰে যে সেই ১১.৭ শতাংশ শ্বেয়াৰৰ বিনিময়ত তেওঁক প্ৰাপ্যখিনি দিয়া হোৱা নাছিল। বেআইনীভাৱে ইয়াৰ পৰা তেওঁ বঞ্চিত হৈছিল। শেহতীয়াকৈ ৰাজে এই অভিযোগ সন্দৰ্ভত সৰৱ হৈছে। আনকি তেওঁ ইমেইল প্ৰেৰণ কৰি মনোজ বাদলক ভাবুকি দিয়ে।

ৰাজে কয় যে তেওঁ ইমাৰ্জিং মিডিয়া ভেঞ্চাৰছৰ সৈতে নিজৰ প্ৰাপ্য ধনৰ বিষয়ে আলোচনা কৰিব বিচাৰে। এই বিষয়ে তেওঁ ভাৰত চৰকাৰক অৱগত কৰিছে। এই সন্দৰ্ভত তেওঁ বিচিচিআইকো অৱগত কৰিছে। খবৰ পোৱা গৈছে যে তেওঁ আনকি আই পি এলৰ প্ৰথম অধ্যক্ষ ললিত মোডীলৈও এখন চিঠি লিখিছে।

বৰ্তমান ৰাজস্থান ৰয়েলছৰ ফ্ৰেঞ্চাইজিৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্বৰ মালিক মনোজ বাদল আৰু তেওঁৰ কোম্পানী ইমাৰ্জিং মিডিয়া ভেঞ্চাৰছ। সেই কোম্পানীটোৱেই ৰাজস্থানৰ ফ্ৰেঞ্চাইজিৰ ৬৫ শতাংশৰ মালিক৷ ২০১৯ চনত ৰাজ কুন্দ্ৰাৰ কোম্পানীৰ সৈতে কৰা চুক্তিৰ চৰ্ত উলংঘা কৰি আপত্তিজনক মন্তব্যৰে ৰাজে তেওঁক ব্লেকমেইল কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰে।

বাদলে অভিযোগ কৰে যে ৰাজৰ অভিযোগৰ কোনো ভিত্তি নাই। তেওঁলোকক বেআইনীভাৱে ব্লেকমেইল কৰাৰ চেষ্টা চলাইছে। এই অভিযোগৰ ওপৰত তেওঁলোকে কুন্দ্ৰাৰ বিৰুদ্ধে লণ্ডনৰ আদালতত গোচৰ তৰিছে।

Related News