কুমাৰ ছাংগাকাৰাক ডিৰেক্টৰ অফ ক্ৰিকেট নিযুক্তি ৰাজস্থান ৰোয়েলছ দলৰ

২০২১ চনৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ বাবে ৰাজস্থান ৰোয়েলছ দলে প্ৰাক্তন শ্ৰীলংকান উইকেটৰক্ষক বেটছমেন তথা অধিনায়ক কুমাৰ ছাংগাকাৰাক ডিৰেক্টৰ অফ ক্ৰিকেট হিচাপে নিযুক্তি দিছে।

‘‘ৰাজস্থান ৰোয়েলছে মোক এই সুযোগ দিয়া বাবে আন্তৰিক ধন্যবাদ….এই সুযোগে মোক উৎসাহিত কৰিছে,’’ কুমাৰ ছাংগাকাৰাই এইদৰে লগতে কয়।

বিগত বৰ্ষৰ আই পি এলত ৰাজস্থান ৰোয়েলছ দলে চুড়ান্ত হতাশজনক প্ৰদৰ্শন দাঙি কৰাৰ পাছতে ২০২১ চনৰ আই পি এলৰ বাবে ৰাজস্থানে ব্যাপক সালসলনি কৰে।

ৰাজস্থান ৰোয়েলছে অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথক নেতৃত্বৰ পৰা অপসাৰণ কৰি উইকেট ৰক্ষক বেটছমেন সঞ্জু ছেমছনক নতুনকৈ অধিনায়ক হিচাপে নিযুক্তি দিছিল।

কুমাৰ ছাংগাকাৰাক ডিৰেক্টৰ অফ ক্ৰিকেট হিচাপে নিযুক্তি দিয়াত অধিনায়ক সঞ্জু ছেমছনেও সন্তুষ্টি ব্যক্ত কৰিছে।

‘‘দলত কুমাৰ ছাংগাকাৰাৰ দৰে এগৰাকী মহান ক্ৰিকেটাৰ উপস্থিত থকাটো আমাৰ বাবে সৌভাগ্যৰ কথা,’’ সঞ্জু ছেমছনে এইদৰে কয়।