ক্ৰিকেটক বিদায় জনালে ঘৰুৱা ক্ৰিকেটৰ তাৰকা ৰজত ভাটিয়াই

ভাৰতৰ ঘৰুৱা ক্রিকেটৰ আগশাৰীৰ অলৰাউণ্ডাৰ ৰজত ভাটিয়াই সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। ভাটিয়াই অন্তিমবাৰৰ বাবে উত্তৰাখণ্ডৰ হৈ ২০১৮-১৯ বৰ্ষৰ ৰঞ্জি ছিজনত অংশ লৈছিল।

৪০ বর্ষীয় ভাটিয়াই এতিয়াৰ পৰা বায়’মেকানিক্স হিচাপে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে৷

উল্লেখ্য যে ৰজত ভাটিয়াই ১১২ খন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৪৯.১০ গড়ে ৬৪৮২ ৰান কৰিছে। তদুপৰি ১৩৭ টা উইকেট লাভ কৰিছে।

আনহাতে লিষ্ট এ কেৰিয়াৰত ৩০৩৮ ৰান কৰাৰ বিপৰীতে উইকেট দখল কৰিছিল ৯৩ টা।

১৯৯৯-২০০০ ছিজনত তামিল নাডুৰ হৈ প্রথম শ্রেণীৰ ক্রিকেটত অভিষেক ঘটিছিল। ইয়াৰ পিছতে তেওঁ ঘৰুৱা দল দিল্লীৰ হৈ ২০১৫ চনলৈকে ঘৰুৱা ক্ৰিকেট খেলি যায়।

ইফালে আই পি এলৰ খিতাপ জিকা দুটা দলৰ সদস্য আছিল ভাটিয়া৷ ২০০৮ চনত ৰাজস্থান ৰয়েলছ আৰু ২০১২ চনত কলকাতা নাইট ৰাইডার্ছ আই পি এলৰ খিতাপ জিকাৰ সময়ত ভাটিয়া আছিল দল দুটাৰ অন্যতম সদস্য৷

ভাটিয়াই আই পি এলৰ ৯৩খন মেচত মাত্ৰ ৩৪২ ৰান কৰিলেও বলাৰ হিচাপে যতেষ্ট সফলতা লাভ কৰিছিল। তেওঁ ৯৫ খন খেলত দখল কৰিছিল ৭১টা উইকেট৷

২০১৭ চনৰ পৰাই আই পি এলতো ভাগ নোলোৱা ৰজত ভাটিয়াই নিজৰ জীৱনৰ দ্বিতীয় ইনিংছ বায়’মেকানিক্স হিচাপে আৰম্ভ কৰিব বুলি জনায়।