ঠগন খোৱা বুলি স্বীকাৰ ৰাজেন গোহাঁইৰ; পত্নীক টিকট দিয়াৰ চৰ্ততহে নিজে নেখেলাৰ বাবে মান্তি হৈছিল

ষড়যন্ত্ৰ! পত্নীক টিকটৰ লোভ দি “নিৰ্বাচন নেখেলো” বুলি ঘোষণা কৰোৱা হ’ল ৰাজেন গোহাঁইক

RajenGohain_RitaGohain

ৰাজেন গোহাঁই আৰু তেওঁৰ পত্নী ৰীতা গোহাঁই।

টিকটৰ পৰা বঞ্চিত নগাওঁ সমষ্টিৰ বিজেপি সাংসদ তথা ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজনে গোহাঁয়ে আজি মুকলিকৈ স্বীকাৰ কৰিছে নিজে ঠগ খোৱাৰ কথা। আজি নগাৱঁত নিজৰ সমৰ্থকৰ দ্বাৰা বেষ্টিত হৈ কেন্দ্ৰীয় মন্ত্ৰী তথা সমষ্টিটোৰ চাৰিবাৰৰ সাংসদ গোহাঁয়ে সংবাদ মাধ্যমৰ আগত বিৱৰি কয় তেওঁৰ টিকট বঞ্চনাৰ কাহিনী।

গোহাঁয়ে কয় যে পত্নীক টিকট দিয়াৰ বাবে দলৰ পৰা পোৱা প্ৰতিশ্ৰুতিৰ পিছতহে তেওঁ সংবাদমেল দি নিজেই নেখেলাৰ কথা ঘোষণা কৰিছিল।

“আপুনি খেলিব নালাগে, বৌকে খেলাওঁ” –গোহাঁইৰ মতে ৰাজ্যিক নেতৃত্বই এইদৰে কোৱাৰ পিছতে তেওঁ সন্মতি দিয়ে।

“তাৰ পিছত ৰাজ্যিক নেতৃত্বৰ দিল্লীত ৰাষ্ট্ৰীয় সভাপতিৰ সৈতে বৈঠক হয় আৰু তাত মোৰ পত্নী ৰীতা গোহাঁইক টিকট দিয়াৰ সিদ্ধান্ত হৈছে বুলি মোক ৰাতি ২ বজাত ফোন কৰি জনোৱা হয়। তাৰ পিছদিনাই মই প্ৰেছমীট দি নিজে নেখেলাৰ কথা ঘোষণা কৰো”, কি পৰিস্থিতিত তেওঁক “নিৰ্বাচনৰ পৰা আঁতৰি থাকিম” বুলি ঘোষণা কৰোৱা হ’ল তাক সুঁৱৰি গোহাঁইৰ বক্তব্য।

“কিন্তু সংবাদমেলৰ পিছতে পৰিস্থিতি ক্ৰমে সলনি হ’বলৈ ধৰে আৰু আজি পৰিস্থিতিটো অতি স্পৰ্শকাতৰ হৈছেহি”, গোহাঁইৰ বক্তব্যত আজি নগাওঁ সমষ্টিৰ বাবে ৰূপক শৰ্মাক দলে প্ৰাৰ্থিত্ব দিয়াৰ ইংগিত।

দলৰ দ্বাৰাই যে বিপথে পৰিচালিত হৈ নিৰ্বাচনী ৰাজনীতিত ভৰি পিচলিব লগীয়া হ’ল তাক উল্লেখ কৰি তেওঁ কয়, “এইটো কথাত মই অত্যন্ত দুখ পালো। যদি সেইটো মোক নক’লে হেঁতেন, মই…”।

ইপিনে তেওঁৰ নিজৰ বহুতো সমৰ্থক থকা বুলি আৰু তেওঁলোকে অত্যন্ত দুখ পোৱা বুলি জনাই কয়, “মই দলৰ কৰ্মী-সমৰ্থকসকলক জনাই দিছো যে মোৰ বা মোৰ পৰিয়ালৰ কোনোবাই টিকট পোৱাটো হৈ নুঠে। গতিকে সেইটো গ্ৰহণ কৰিবলৈ মানসিকভাৱে সাজু হ’বলৈ কৈছো”।

তেওঁ আন দুজন জ্যেষ্ঠ নেতা ৰমেন ডেকা আৰু আৰ পি শৰ্মাও টিকটৰ পৰা বঞ্চিত হোৱাৰ কথা উল্লেখ কৰে। তেওঁলোকে দলটোক শূন্যৰ পৰা তুলি অনা বুলি দাবী কৰে।

উল্লেখযোগ্য যে ৰাজেন গোহাঁয়ে বিজেপিক চাৰিবাৰকৈ সংসদত প্ৰতিনিধিত্ব কৰা নগাওঁ সমষ্টিত দলটোৱে এইবাৰ ৰূপক শৰ্মাক টিকট দিছে।