বিশেষভাৱে সক্ষম আৰু কোৱাৰেন্টাইনত থকা ব্যক্তিক খাদ্য-সামগ্ৰী বিতৰণ ৰাজহংস ক্লাৱৰ

IMG-20200409-WA0048

ফটো: নৰ্থইষ্ট নাও

শিৱসাগৰত ৰাজহংস ক্লাৱে দৰিদ্ৰ, বিশেষভাৱে সক্ষম আৰু কোৱাৰেন্টাইনত থকা ব্যক্তিক খাদ্য-সামগ্ৰী বিতৰণ কৰে।

কৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে দেশত চলি থকা লকডাউনৰ সময়ত দুখীয়া তথা আৰ্তজনৰ কাষত থিয় দিছে ৰাজ্যৰ বহু দল-সংগঠন তথা একাংশ সমাজ সচেতন ব্যক্তি।

শিৱসাগৰৰ অন্যতম সেচ্ছাসেৱী অনুষ্ঠান ৰাজহংস ক্লাৱে বৃহস্পতিবাৰে শিৱসাগৰৰ ১নং আৰু ২ নং বলিয়াঘাটৰ ১৩০ টা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ টোপোলা বিতৰণ কৰে।

ৰাজহংস ক্লাৱৰ সম্পাদক চিন্তামণি বৰগোহাঁইৰ নেতৃত্বত জিলা অসামৰিক প্ৰতিৰক্ষাৰ কৰ্মচাৰী,স্থানীয় গাওঁবুঢ়া আৰু ক্লাৱৰ আন আন সদস্যই অংশ গ্ৰহণ কৰা এই কাৰ্যসূচীত অঞ্চলটোৰ অতি দৰিদ্ৰ, বিশেষ ভাৱে সক্ষম ব্যক্তি আৰু কোৱাৰেন্টাইনত থকা  তিনিটা পৰিয়াল খাদ্য-সামগ্ৰীৰ টোপোলা বিতৰণ কৰে। তদুপৰি শিশু সদস্য থকা পৰিয়ালক গাখীৰৰ পেকেট যোগান ধৰে।

উল্লেখ্য যে  ক্লাৱৰ সদস্যসকলৰ সম্পূৰ্ণ নিজা খৰচেৰে এই কাৰ্যসূচী ৰূপায়ন কৰা হয়। ক্লাৱৰ জ্যেষ্ঠ সদস্য অভয়া বৰঠাকুৰৰ ২৫,০০০ টকা,  ক্লাৱৰ পূৰ্বৰ সদস্য বৰ্তমানৰ ৰাজস্থানৰ নিবাসী শোভমলাল গাট্টানিয়ে ১১,০০০ টকা, জ্যেষ্ঠ নাগৰিক সংগঠন সাৰথিৰ ডাঃপৱন বৰুৱাই ৫০০০ টকা প্ৰদান কৰাৰ লগতে ক্লাৱৰ আন আন সদস্যইয়ো আৰ্থিক সাহায্য আগবঢ়ায়।

আনহাতে, ৰাজহংস ক্লাৱে মুখ্য মন্ত্ৰীৰ আৰোগ্য নিধিলৈও আৰ্থিক সাহায্য আগবঢ়াব বুলি জানিবলৈ দিয়ে।

ৰাজহংস ক্লাৱৰ এই কাৰ্যক সমগ্ৰ শিৱসাগৰবাসীয়ে প্ৰশংসা কৰিছে।