NORTHEAST NOW (Assamese)

কিংবদন্তি অভিনেতা ৰজনীকান্তলৈ ২০১৯ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা প্ৰদান

April 1, 2021 12:27 pm · এন ই নাও নিউজ
Updated: April 1, 2021 12:39 pm

দক্ষিণ ভাৰতৰ কিংবদন্তিস্বৰূপ ৰজনীকান্তলৈ ২০১৯ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা আগবঢ়োৱা হৈছে।

দাদাচাহেব ফাল্কে বঁটা হৈছে ভাৰতৰ চিনেমাজগতৰ আটাইতকৈ শ্ৰেষ্ঠ সন্মান।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেডকাৰে টুইট কৰি কয় যে ৰজনীকান্তৰ দৰে ভাৰতৰ চিনেমা ইতিহাসৰ এজন শ্ৰেষ্ঠ অভিনেতাক এই সন্মান প্ৰদানৰ ঘোষণা কৰিবলৈ পাই তেওঁ সুখী।

২০১৯ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা যোৱা বছৰ ক’ভিড-১৯ৰ বাবে ঘোষণা কৰা হোৱা নাছিল।

তদুপৰি নেচনেল ফিল্ম এৱাৰ্ডো ২০১৯ চনত ঘোষণা কৰা হোৱা নাছিল।

ৰজনীকান্তক এই সন্মান প্ৰদান কৰা নিৰ্বাচনী কমিটিখনত আছে সংগীতশিল্পীদ্বয় আশা ভোছলে আৰু শংকৰ মহাদেৱন, অভনেতাদ্বয় মোহনলাল আৰু বিশ্বজিত আৰু চিনেমানিৰ্মাতা সুভাষ ঘাই।

সত্তৰ বছৰীয়া ৰজনীকান্ত হৈছে ভাৰতীয় চিনেমা জগতৰ এজন আইকনিক তাৰকা।

১৯৭৫ চনৰ মাৰাঠী চিনেমা ‘অপূৰ্ব ৰাঙল’ৰ যোগেৰে চিনেমাজগতত খোজ পেলোৱা অভিনেতাজনে পাছলৈ বহুকেইখন জনপ্ৰিয় চিনেমাত অভিনয় অনুৰাগীৰ হৃদয়ত চিৰদিনৰ বাবে খোপনি পুতিলে।

তেওঁ অভিনয় কৰা বিল্লু, মুথু, শিৱাজী, এথিৰানকে ধৰি বহুকেইখন চিনেমা অনুৰাগীৰ বাবে স্মৰণযোগ্য।

তেওঁৰ শেহতীয়া চিনেমাকেইখন হৈছে ২০১৮ চনৰ ‘কালা’ আৰু ‘২.০’, ২০১৯ চনৰ ‘পেট্টা’ আৰু ‘ডৰবাৰ’।

আনহাতে, মুক্তি লভিব লগা তেওঁৰ চিনেমাখন হৈছে ‘আন্নাত্থে’।

শেহতীয়াকৈ ৰাজনীতিৰ পথাৰতো ভুমুকি মাৰিবলৈ মন মেলা ৰজনীকান্তই তেওঁৰ স্বাস্থ্যজনিত কাৰণত ইয়াৰ পৰা বিৰত থাকে।

তেওঁ কয় যে নিৰ্বাচনী ৰাজনীতি অংশগ্ৰহণ নকৰিলেও তেওঁ জনসাধাৰণক সেৱা কৰি যাব।

উল্লেখযোগ্য যে ৰজনীকান্তৰ পূৰ্বে ২০১৮ চনত দাদাচাহেব ফাল্কে বঁটা অমিতাভ বচ্ছনক প্ৰদান কৰা হৈছিল।

Related News