NORTHEAST NOW (Assamese)

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

May 9, 2025 12:25 pm · এন ই নাও নিউজ, গুৱাহাটী

পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনা বাহিনীয়ে চলোৱা সামৰিক অভিযানক সকলো ভাৰতীয় নাগৰিকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান জনাইছে অসমৰ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক গোহাৰিত সাংসদগৰাকীয়ে এই আহ্বান জনায়। তলত সাংসদগৰাকীৰ গোহাৰিটো হুবহু দাঙি ধৰা হ’ল-

ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা সামৰিক উত্তেজনাৰ মূল কাৰণটো  হৈছে ২২ এপ্ৰিলৰ নৃশংস সন্ত্ৰাসবাদী আক্ৰমণ, যি আক্ৰমণত আমাৰ দেশৰ ২৬ গৰাকী নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল।

পেহেলগামত ঘটা এই সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানৰ যে হাত আছিল তাত কোনো সন্দেহ নাই। আমাৰ মাটিত বাহিৰৰ পৰা অহা সন্ত্ৰাসবদীয়ে ২৬ গৰাকী মানুহক বিনা কাৰণে হত‍্যা কৰিব আৰু আমি হাত সাৱটি বহি থাকিম সেইটো কেতিয়াও সম্ভৱ নহয়।

গতিকে আমাৰ সৈন‍্য বাহিনীয়ে ৭ মেৰ দিনা পুৱা পাকিস্থান অধ‍্যুষিত অঞ্চলৰ নটা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাই তাৰ সমুচিত প্ৰত‍্যুত্তৰ দিছে। এই সময়ত প্ৰতি গৰাকী দেশপ্ৰেমিক লোকে আমাৰ সৈন‍্য বাহিনীৰ পিছফালে থিয় হোৱা উচিত। তেওঁলোকক সমৰ্থন জনোৱা উচিত।

আমি বিচাৰোঁ আমাৰ সুৰক্ষা বাহিনীয়ে সন্ত্ৰাসবাদ পুলিয়ে পোখাই নিৰ্মূল কৰক। আমাৰ সৈন‍্য বাহিনীৰ এই অভিযানক সকলো দেশপ্ৰেমিক নাগৰিকে নিঃচৰ্ত সমৰ্থন জনোৱাটো বৰ্তমান সময়ৰ আহ্বান।

Related News