ৰাম মন্দিৰ হ’ল, ৰামৰ বন্দনাৰে আহি আছে ‘ৰামায়ণ’

Ramayan

আশীৰ দশকত দেশত টেলিভিচনত ধাৰাবাহিক ৰূপে সম্প্ৰচাৰিত হৈছিল মহাকাব্য ৰামায়ণ। ৰামানন্দ সাগৰৰ পৰিচালনাৰে এই ধাৰাবাহিকখনে দেশৰ সৰ্বস্তৰৰ জনসাধাৰণৰ মাজত লাভ কৰিছিল ব্যাপক জনপ্ৰিয়তা।

ৰামায়ণ দৰ্শনৰ বাবে টেলিভিচনৰ সমুখত বহি পৰিছিল দেশৰ জনসাধাৰণ। ৰামায়ণৰ এই জনপ্ৰিয়তা আজিপৰ্যন্ত দেশবাসীৰ মাজত অটুট আছে। বিগত ক’ৰণা মহামাৰীৰ সময়ে এই কথা পুনৰ প্ৰমাণিত কৰিছিল।

প্ৰতিগৰাকী ভাৰতীয়ক আকৰ্ষণ কৰা এই বিখ্যাত ধাৰাবাহিকখন পুনৰ এবাৰ উপলব্ধ হ’ব টেলিভিচনত। পুনৰ এবাৰ ৰামায়ণ দৰ্শনেৰে নয়ন সাৰ্থক কৰাৰ সুযোগ পাব ভাৰতীয় দৰ্শকসকলে।

সমগ্ৰ দেশৰ অনুৰাগীৰ বাবে এই আশাৰ বতৰা লৈ আহিছে দূৰদৰ্শন অৰ্থাৎ ডি ডি নেচনেলে। এক টুইট যোগে ডিডি নেচনেলে ৰামানন্দ সাগৰৰ এই বিখ্যাত ৰামায়ণ শীঘ্ৰেই পুনৰ সম্প্ৰচাৰ কৰা হ’ব বুলি সদৰী কৰে।

আযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনৰ পিছত এয়া আন এক আনন্দৰ বতৰা হৈ পৰিছে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে। স্বাভাৱিকতেই ডি ডি নেচনেলৰ ঘোষণাৰ পাছত এতিয়া ৰামায়ণ অপেক্ষাত সকলোৰে মাজত বৃদ্ধি পাব উৎকণ্ঠা।

উল্লেখ্য যে, ১৯৮৭ চনত প্ৰথমবাৰৰ বাবে প্ৰচাৰিত হছিল এই ‘ৰামায়ণ’ ধাৰাবাহিকখন। ৰামায়ণে দৰ্শকৰ হৃদয় জয় কৰাই নহয়, সমগ্ৰ দেশজুৰি ই এক সাংস্কৃতিক পৰিঘটনালৈ পৰিণত হৈছিল।

ৰামৰ চৰিত্ৰত অৰুণ গোভিল, সীতাৰ চৰিত্ৰত দিপিকা চিখলিয়া আৰু লক্ষ্মণৰ চৰিত্ৰত সুনীল লহৰীয়ে মহাকাব্যখনক এনেদৰে জীৱন্ত কৰি তুলিছিল যে দেশবাসীৰ মাজত আজিপৰ্যন্ত তেওঁলোক শ্ৰদ্ধা-ভক্তিৰ পাত্ৰ হই পৰিছে।