• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকসভাত সাংসদ ৰমেন ডেকাৰ দাবী : শীঘ্ৰে আৰম্ভ কৰক নাৰেংগী-কুৰুৱা সংযোগী দলঙৰ কাম

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2018 10:05 am
BJP-MP-Ramen-Deka

প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ ফাইল ফটো

224
VIEWS
Share on FacebookShare on Twitter

অসমৰ যোগাযোগ ব্যৱস্থা ত্বৰাণ্বিত কৰাৰ উদ্দেশ্যে দৰং জিলাৰ কুৰুৱা আৰু গুৱাহাটীৰ নাৰেংগীক সংযোগ কৰি ব্ৰহ্মপুত্ৰত এখন দলং নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। প্ৰস্তাৱ গ্ৰহণৰ পিছতো আজি পৰ্যন্ত নিৰ্মাণৰ বাবে একো ব্যৱস্থা গ্ৰহণ নকৰাত দলংখনৰ কাম শীঘ্ৰে আৰম্ভ কৰিব লাগে বুলি বুধবাৰে লোকসভাত দাবী উত্থাপন কৰে মঙলদৈৰ সাংসদ ৰমেন ডেকাই।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ যোগাযোগ ব্যৱস্থা আজিও বহু পিছপৰি থকা বুলি প্ৰকাশ কৰি সাংসদ ডেকাই উল্লেখ কৰে যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত প্ৰস্তাৱিত উক্ত দলংখনৰ কাম শীঘ্ৰে আৰম্ভ কৰিব লাগে।

মন কৰিবলগীয়া যে বহু দিনৰে পৰা অসমৰ বিভিন্ন জাতীয় দল-সংগঠনসমূহে উক্ত দলংখনৰ নিৰ্মাণৰ বাবে দাবী জনাই আহিছে। তদুপৰি ২০১৬ চনত দায়িত্বভাৰ গ্ৰহণ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰেও নাৰেংগী-কুৰুৱা সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ কৰা হ’ব বুলি প্ৰকাশ কৰিছিল।

ইয়াৰ উপৰি ৰাজ্য চৰকাৰে উক্ত দলংখনৰ বাবে বিস্তাৰিত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ লগতে ২২৫৫ কোটি টকা ব্যয় সাপেক্ষে ছয়লেনযুক্ত দলংখন নিৰ্মাণ হ’ব বুলিও প্ৰকাশ কৰিছিল।

কিন্তু ইমানৰ পাছতো আজিলৈ ৰাজ্য চৰকাৰে হওঁক বাব কেন্দ্ৰীয় চৰকাৰে হওঁক কিয় দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাত তৎপৰতা প্ৰদৰ্শন কৰা নাই সেয়ে বিষয়টো সাংসদ ডেকাই বুধবাৰে লোক সভাত উত্থাপন কৰা পৰিলক্ষিত হয়।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd