NORTHEAST NOW (Assamese)

অসম ৰাজ্যসভাৰ নিৰ্বাচন : ৰামেশ্বৰ তেলী, মিচন ৰঞ্জন দাসক বিজেপিৰ প্ৰাৰ্থী হিচাপে ঘোষণা

August 21, 2024 1:21 pm · এন ই নাও নিউজ
Updated: August 21, 2024 1:34 pm

ৰাজ্যসভাৰ খালী হৈ থকা অসমৰ দুখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে।

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে নিক্ষেপ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু দলৰ জ্যেষ্ঠ নেতা মিছন ৰঞ্জন দাসক।

উল্লেখ্য যে বিজেপিৰ অসম ইউনিটে দলটোৰ কেন্দ্ৰীয় নেতৃত্বলৈ ১০টা জনৰ নাম বিবেচনাৰ বাবে প্ৰেৰণ কৰিছিল। ইয়াৰ মাজৰ পৰাই ৰামেশ্বৰ তেলী আৰু মিচন ৰঞ্জন দাসৰ প্ৰাৰ্থীত্ব নিৰ্বাচন কৰা হৈছে।

স্মৰ্তব্য যে সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা তাছা লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছতে ৰাজ্যসভাত দুখন আসন খালী হৈ পৰে।

ৰাজ্যসভাত অসমৰ বাবে মুঠ ৭খন আসন আছেইয়াৰে ৬খন আসন বৰ্তমান বিজেপি নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁটৰ হাতত।

সোণোৱাল আৰু তাছা লোকসভালৈ নিৰ্বাচিত নোহোৱালৈকে বিজেপিৰ হাতত চাৰিখন আসন আছিল, আৰু মিত্ৰ দল অগপ আৰু ইউপিপিএলে এখনকৈ আসন লাভ কৰিছিল।

আনহাতে, বাকী এখন আসনত আছে নিৰ্দলীয় সাংসদ অজিত কুমাৰ ভূঞা।

জানিব পৰা মতে অহা ২ ছেপ্টেম্বৰত অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

Related News