ৰণবীৰ কাপুৰৰ ছবি ‘এনিমেল’ মুক্তি পোৱাৰ পিছৰে পৰা চ’চিয়েল মিডিয়াত চৰ্চা আৰু সমালোচনাৰ সৃষ্টি হৈছে।
সৰুৰে পৰা পিতৃৰ মৰম নোপোৱা ৰণবিজয় সিঙৰ চৰিত্ৰত অভিনয় কৰিছিল ৰণবীৰে। আপুনি জানি আচৰিত হ’ব যে ৰণবীৰ কাপুৰৰ নিজৰ শৈশৱটোও আছিল এনেকুৱাই।
ছবিখনত দেখুওৱাৰ দৰে ৰণবিজয় সিঙক সৰুতে পিতৃ বলবীৰ সিঙে যত্ন লোৱা নাছিল। দেউতাকৰ অৱহেলাত ডাঙৰ হৈছিল ৰণবিজয় সিঙ। আনকি সৰুতে ৰণবীৰ কাপুৰেও পিতৃ ঋষি কাপুৰৰ পৰা এনে ব্যৱহাৰেই লাভ কৰিছিল। যাৰ বাবে শৈশৱৰ পৰাই ৰণবীৰ কাপুৰ দেউতাকতকৈ মাক নীতু কাপুৰৰ লগতহে বেছি ঘনিষ্ঠ আছিল।
উল্লেখ্য যে নীতু কাপুৰ আৰু ঋষি কাপুৰৰ বিবাহ আছিল প্ৰেম বিবাহ। কিন্তু বিয়াৰ পিছত যেন সকলো সলনি হৈ গ’ল। বিয়াৰ পিছতে ঋষি কাপুৰে বিবাহ বহিৰ্ভূত সম্পৰ্ক স্থাপন কৰিবলৈ আৰম্ভ কৰে। সন্তান জন্মৰ পিছতো পৰস্ত্ৰীৰ আসক্তি কমা নাছিল ঋষি কাপুৰৰ। ঋষি কাপুৰ আছিল মদ আসক্ত ব্যক্তি। মদ্যপান কৰি পত্নী নীতু কাপুৰকো প্ৰহাৰ কৰিছিল ঋষি কাপুৰে।
অতি কম বয়সৰ পৰাই এইবোৰ দেখি ডাঙৰ হৈছিল ৰণবীৰ। গতিকে অতি স্বাভাৱিকতে দেউতাকৰ প্ৰতি ৰণবীৰৰ সম্পৰ্ক ভাল নাছিল।
এবাৰ ৰণবীৰে এটা সাক্ষাৎকাৰত স্বীকাৰ কৰিছিল যে তেওঁৰ পিতৃ তেওঁৰ বাবে কেতিয়াও নায়ক নাছিল। বৰং শৈশৱত তেওঁ দেউতাকক খলনায়ক বুলি ভাবিছিল। তেওঁলোকৰ সম্পৰ্ক একেবাৰে ভাল নাছিল।
সৰুৰে পৰা দেউতাকৰ ওচৰত অৱহেলিত হৈ ৰণবীৰ আঁতৰি আছিল। ঋষি কাপুৰে কেতিয়াও পিতৃ হিচাপে কোনো দায়িত্ব পালন কৰা নাছিল। নিজৰ জীৱনত ব্যস্ত আছিল। তেওঁ সদায় নাৰীৰ লগত অবৈধ সম্পৰ্কত লিপ্ত হৈছিল।
বিঃদ্ৰঃ এই লেখাটাে ইন্টাৰনেটত লাভ কৰাৰ তথ্য়ৰ পৰা যুগুটােৱা হৈছে। নৰ্থইষ্ট নাওৱে ইয়াৰ সত্য়াসত্য়তা দাবি নকৰে।