NORTHEAST NOW (Assamese)

‘ৰঙালী’ মেলাত শ্যামকানু মহন্তৰ বাউন্সাৰৰ গুণ্ডাগিৰি; ডিঙিত ধৰি চোচৰালে যুৱকক

April 5, 2025 10:03 am · এন ই নাও নিউজ, গুৱাহাটী

ইতিবাচক দৃষ্টিৰে অসমখন চোৱাৰ দাবী কৰা শ্যামকানু্ মহন্তৰ ‘’ৰঙালী’’ শীৰ্ষক মেলাত অঘটন৷ উদ্যমী হিচাপে খ্যাত শ্যামকানু মহন্তৰ বিশেষ প্ৰচেষ্টাত TREND MMS নামৰ সংস্থাটোৱে এইমেলাখন বিগত ৮টা বছৰে আয়োজন কৰি আহিছে।

এইবাৰো তিনিদিনীয়াকৈ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত ‘’ৰঙালী’’ৰ নৱম সংস্কৰণৰ অনুষ্ঠানত কিন্তু ঘটিল অঘটন৷

মেলাখনৰ প্ৰথম দিনটোত অৰ্থাৎ কালি ৪ এপ্ৰিল তাৰিখে বিয়লি ৪.৩০ বজাৰ পৰা আছিল সাংস্কৃতিক অনুষ্ঠান৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফ’ক অৰ্কেষ্ট্ৰা দল, কল্যাণজিৎ আৰু ফ’ক ব্ৰাডাৰ্ছ, বিশ্ৰুত শইকীয়া, ঋতিষ্ণা শৰ্মা আৰু জুবিন গাৰ্গৰ অনুষ্ঠানৰ বাবে আহিছিল বহুটো গুণমুগ্ধ৷ কিন্তু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ বাবে অপেক্ষা কৰি থকা এজন যুৱকে যেতিয়া শ্যামকানুৰ ‘ৰঙালী’ত থকা এজন ভেৰোণীয়া নিৰাপত্তাৰক্ষীক ‘জুবিন দা কেতিয়া আহিব’ বুলি সোধে, সেই ভেৰোণীয়া গুণ্ডাবাহিনীয়ে যুৱকজনক ছাৰ্টৰ কলাৰত ধৰি দাঙি নিয়ে৷ তদুপৰি পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানো বাতিল হয়৷

কিন্তু এতিয়া প্ৰশ্ন উঠিছে- যে প্ৰশ্ন কৰিলেই গুণ্ডা লগাই শাৰীৰিকভাৱে অপদস্থ কৰোৱাটোৱে শ্যামকানুৰ অগণতান্ত্ৰিক মানসিকতাক সুচাইছে নেকি? নে জ্যেষ্ঠ ভাতৃ তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত অথবা মুখ্যমন্ত্ৰীৰ পুৰণি বন্ধু তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননীগোপাল মহন্তৰ আশীৰ্বাদতেই এই ডেমকেয়াৰ স্বভাৱ দেখাইছে নেকি শ্যামকানু এণ্ড কোম্পানীয়ে? এই প্ৰশ্ন সাধাৰণ ৰাইজৰ… এতিয়া কানুৱে কি উত্তৰ দিয়ে সেয়া হ’ব ভৱিষ্যত দিনত লক্ষ্যণীয়৷

Related News