ৰঙাপৰাৰ বিজেপিৰ বিধায়ক ৰাজেন বৰঠাকুৰৰ দেহাৱসান

বিজেপিৰ ৰঙাপাৰা সমষ্টিৰ বিধায়ক ৰাজেন বৰঠাকুৰে মঙলবাৰে নিশা ১০.৫০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণত আক্ৰান্ত হোৱা ৰাজেন বৰঠাকুৰক তেজপুৰৰ টাইমছ হস্পাতালত ভৰ্তি কৰোৱা হৈছিল।

মঙলবাৰে তেওঁক অস্ত্ৰোপচাৰ কৰাৰ পিছত আই চি ইউত ৰখা হৈছিল। আৰু পিছথ উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সেৰে তেওঁক দিল্লীলৈ নিয়াৰ বাবেও সাজু কৰা হৈছিল।

অৱশ্যে বিধায়কগৰাকীয়ে তেজপুৰৰ চিকিৎসালয়তে চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। ৫৪ বছৰীয়া নৱনিৰ্বাচিত বিধায়কগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে চিকিৎসালয়ৰ বাহিৰত সমবেত হয় অসংখ্য লোক।

উল্লেখযোগ্য যে অলপতে অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত ৰঙাপাৰা বিধানসভা সমষ্টিৰ পৰা ৰাজেন বৰঠাকুৰে বিজেপিৰ প্ৰাৰ্থী হিচাপে বিজয়ী হৈ বিধানসভাত বিধায়ক হিচাপে শপত গ্ৰহণ কৰিছিল।

ৰঙাপাৰা বিধানসভা সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসে লোকসভালৈ নিৰ্বাচিত হোৱাৰ পাছতে খালী হোৱা আসনখনৰ বাবে অনুষ্ঠিত উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ৰাজেন বৰঠাকুৰ বিজয়ী হৈছিল।