অবৈধ খননৰ খবৰ দিয়া যুৱকক ওলোটাই পিটিলেহে; গ্ৰেপ্তাৰ হ’ল হাজোৰ ৰেঞ্জাৰ কৰুণা ডেকা

হাজোৰ ৰেঞ্জাৰ কৰুণা ডেকাৰ কাণ্ডত স্তম্ভিত স্থানীয় ৰাইজ

Karuna Deka

চকীত বহি থকাজন হাজোৰ গ্ৰেপ্তাৰ হোৱা ৰেঞ্জাৰ কৰুণা ডেকা। আনজন সচেতন যুৱকক হিমাংশু বৈশ্য।

হাজোত এজন সচেতন যুৱকে অবৈধ খননৰ বিষয়ে ৰেঞ্জাৰক খবৰ দিবলৈ গৈ ওলোটাই ৰেঞ্জাৰ আৰু বনকৰ্মীৰ ৰোষত পৰাৰ দৰে এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। বন সুৰক্ষাৰ দায়িত্বত থকা খোদ ৰেঞ্জাৰেই নিজৰ বনকৰ্মী আৰু ভূমাফিয়াক লগাই এই সচেতন যুৱকজনক মাৰপিট কৰাৰ অভিযোগ উঠিছে। অৱশ্যে এই দুষ্কাৰ্য্য কৰা ৰেঞ্জাৰজন বৰ্তমান আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱাত এতিয়া অঞ্চলটোৰ স্থানীয় লোকসকলে কিছু হ’লেও স্বস্তি লাভ কৰিছে।

জানিব পৰামতে, কমিশ্যনৰ বিনিময়ত ভূ-মাফিয়াক সুৰক্ষা দি অহাৰ অভিযোগ আছে হাজোৰ বনাঞ্চলিক বিষয়া কৰুণা ডেকাৰ বিৰুদ্ধে। এইজন ৰেঞ্জাৰৰ ছত্ৰছায়াত আগিয়াঠুৰি, দদৰা, গোন্ধমৌত অবৈধ খননেৰে দীৰ্ঘদিন দৰি ভূমাফিয়াই দৌৰাত্ম চলাই আহিছিল।

ডাম্পাৰ, জে চি বি লৈ কেৱল অবৈধ খনন কৰাই নহয়, এইবোৰৰ উৎপাতত স্থানীয় লোকে ৰাজপথতো অসুৰক্ষিত অনুভৱ কৰি আহিছিল।

স্থানীয় লোকৰ অভিযোগ মতে, এই ভূমাফিয়াসকলৰ শেহতীয়াকৈ চকু পৰিছিল কামৰূপৰ গোন্ধমৌৰ গো-ৰিজাৰ্ভৰ সংৰক্ষিত ভূমিত। যোৱা নিশা ডাম্পাৰ, জে চি বি লৈ গোন্ধমৌৰ গো-ৰিজাৰ্ভত অবৈধভাৱে মাটি কাটি থকাৰ কথা জানিব পাৰি এজন যুৱকে হাজোৰ ৰেঞ্জাৰ কৰুণা ডেকাক খবৰ দিয়ে। কিন্তু অবৈধ খননৰ বিৰুদ্ধে খবৰ দি যেন ৰেঞ্জাৰজনক অপমানহে কৰিলে হিমাংশু বৈশ্য নামৰ এই যুৱকজনে। ফলত নিজৰ অধীনত থকা বনকৰ্মী আৰু প্ৰায় ২৫জন ভূমাফিয়াক লগাই নিশা নিজৰ সন্মুখতে হিমাংশু বৈশ্যক মাৰপিট কৰায়। অৱশেষত কোনো মতে প্ৰাণ লৈ পলাবলৈ সক্ষম হয় যুৱকজন।

অভিযোগ মতে, যুৱকজনে অবৈধভাৱে মাটি কটাৰ খবৰ দিয়াৰ পাছত তেওঁক ৰেঞ্জাৰজনে পুনৰ মাতি নিছিল। তেতিয়াই প্ৰথমে বনকৰ্মীসকলে আক্ৰমণ কৰে বৈশ্যক। তাৰ পিছত ২৫ জনীয়া দুৰ্বৃত্তৰ দলটো জঁপিয়াই পৰিল হিমাংশুৰ ওপৰত।

ভূমাফিয়া আৰু বনকৰ্মীৰ দলৰ এই ভয়াৱহ আক্ৰমণৰ মাজতে আঘাতপ্ৰাপ্ত হিমাংশু কোনোমতেহে পলাই সাৰে। তাৰ পাছতে তেওঁক স্থানীয় লোকে চিকিৎসালয়ত ভৰ্তি কৰায়।

পিছত যুৱকজনে এই বিষয়ে দদৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। তেওঁৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৰেঞ্জাৰ কৰুণা ডেকাৰ লগতে দুজন বনকৰ্মীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ৰেঞ্জাৰজন আৰু বনকৰ্মী দুজনক এতিয়া দদৰা আৰক্ষী থানাৰ লকআপত ৰখা হৈছে।