সংকটজৰ্জৰ শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত ৰনিল বিক্ৰমসিংহে

Sri Lanka crisis

অৰ্থনৈতিক সংকটত জৰ্জৰিত প্ৰতিবাদমুখৰ শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে পূৰ্ব প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহে। আজি শ্ৰীলংকাৰ সংসদে অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লৈ থকা বিক্ৰমসিংহেক দেশখনৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে ভোট দান কৰে।

আজি সংসদত অনুষ্ঠিত হোৱা ভোটদানত মুঠ ২১৯ টা বৈধ ভোটৰ ভিতৰত ১৩৪ টা ভোট লাভ কৰে বিক্ৰমসিংহেই। নিৰ্বাচনত অৱতীৰ্ণ হোৱা আন প্ৰাৰ্থীসকল আছিল ক্ৰমে শাসক-দলৰ নেতা দুল্লাছ আলাহাপ্পেৰুমা আৰু বাওঁপন্থী জনতা বিমুক্তি পেৰামুনা দলৰ নেতা অনুৰা কুমাৰা দিচানায়ক।

সংসদৰ মুঠ ২২৫ জন সদস্যৰ ভিতৰত ২২৩ গৰাকী সাংসদে নিৰ্বাচনত ভোট দান কৰিছিল যদিও ইয়াৰে ৪ টা ভোট অবৈধ ঘোষণা কৰা হয়। গণনা কৰা ২১৯ টা ভোটৰ ভিতৰত ৰনিল বিক্ৰমসিংহে ১৩৪ টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰতিদ্বন্দী দুল্লাস আলাহাপেৰুমাই ৮২ আৰু অনুৰা কুমাৰা দিচানায়েকে ৩ টা ভোট লাভ কৰে।

ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে সংসদক সম্বোধন কৰি ৰনিল বিক্ৰমসিংহেই সংসদ কক্ষৰ পৰিৱৰ্তে বাহিৰৰ সংসদ চৌহদত শপত গ্ৰহণৰ অনুমতি দিবলৈ সংসদৰ অধ্যক্ষক অনুৰোধ জনায়। লগতে কাইলৈৰ পৰা দেশখনৰ সকলো পক্ষৰে সৈতে আলোচনা আৰম্ভ কৰিবলৈ ইচ্ছুক বুলিও মন্তব্য কৰে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীয়ে।

উল্লেখ্য যে ইতিপূৰ্বে ছয়বাৰৰ বাবে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে বিক্ৰমসিংঘেই। শেহতীয়াকৈ গণবিক্ষোভৰ প্ৰকোপত দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ পলায়নৰ পিছত অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল বিক্ৰমসিংহেই।

অৱশ্যে নিৰ্বাচনত বিক্ৰমসিংহেৰ জয় একপ্ৰকাৰ পূৰ্বৰ পৰাই নিশ্চিত বুলি গণ্য কৰা হৈছিল। কিয়নো বিক্ৰমসিংঘেলৈ ২২৫ জনীয়া সংসদৰ সংখ্যাগৰিষ্ঠ দল ৰাজপাক্ষেছৰ এছএলপিপিয়ে সমৰ্থন আগবঢ়াইছিল।