Sri lanka Crisis: শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংহেৰ পদত্যাগ, জনতাৰ ভিৰত কঁপিছে কলম্বো

শ্রীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংহে।

Ranil Wickremesinghe resigns ভয়ানক সংকটত পৰিছে শ্ৰীলংকা। সমগ্ৰ দেশ প্ৰতিবাদত জ্বলি উঠিছে। দেশখনৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ বাসগৃহৰ পৰা পলাই যোৱা বুলিও কোৱা হৈছে। ইয়াৰ মাজতেই শনিবাৰে পদত্যাগ কৰিলে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংহেই।

তেওঁ অৱশ্যে আগতেই ৰাজনৈতিক নেতাসকলক কৈছিল যে তেওঁ পদত্যাগ কৰিব বিচাৰে আৰু এখন নতুন চৰকাৰ গঠন কৰা হওক।

প্ৰধানমন্ত্ৰীৰ মুখপাত্ৰ ডিনোক কোলাম্বেজে কৈছিল যে প্ৰধানমন্ত্ৰীয়ে দলৰ নেতৃত্বক জনাইছে যে যেতিয়া সকলো দলে নতুন চৰকাৰ গঠন কৰিবলৈ সন্মত হ’ব তেতিয়া তেওঁ পদত্যাগ কৰিব।

লগতে পঢ়ক: Sri Lanka President flees: ৰাষ্ট্ৰপতি ভৱনত বিক্ষুব্ধ জনতাৰ আক্ৰমণ; ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ পলায়ন

অৱশ্যে, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে পিছত কয় যে নতুন চৰকাৰ গঠন নোহোৱালৈকে তেওঁ কামকাজ চলাই যাব।

সূত্ৰসমূহৰ মতে, বৈঠকত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক তেওঁলোকৰ চকী এৰি দিবলৈ অনুৰোধ জনোৱা হৈছিল। দেশৰ তীব্ৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকটৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক ক্ষমতা ত্যাগ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল।

ইপিনে, এই সকলোবোৰৰ মাজত ৰাষ্ট্ৰপতিৰ বাসভৱনলৈ যিদৰে মানুহৰ সোঁত বৈছে তাত স্বাভাৱিকতেই বৃহৎ গণ অভ্যুত্থানৰ আভাস দেখা গৈছে।

লগতে পঢ়ক: Cyber war against India: অজুহাত নুপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্য; ভাৰতৰ বিৰুদ্ধে ইছলামিক দেশৰ হেকাৰৰ চাইবাৰ যুদ্ধ

সূত্ৰসমূহৰ মতে প্ৰধানমন্ত্ৰীয়ে সংসদৰ অধ্যক্ষৰ বৈঠকলৈ যোৱাৰ পূৰ্বে তেওঁৰ বিশ্বস্ত নেতাসকলৰ সৈতে এক বিস্তৃত আলোচনাত বহে। তাৰ পিছতেই তেওঁ তেওঁৰ সিদ্ধান্ত ঘোষণা কৰে।

আনহাতে, ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই তেওঁৰ বাসগৃহ পৰা ওলাই ক’লৈ গৈছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

বাতৰি অনুসৰি তেওঁ শুকুৰবাৰে বাসগৃহৰ পৰা ওলাই গৈছিল আৰু শনিবাৰে তেওঁৰ বাসগৃহত বিক্ষুব্ধ জনতাৰ সোঁত বৈছিল।