অমিত শ্বাহৰ ‘ঘুসপৈঠ’ মন্তব্যৰ স্পষ্টীকৰণ অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ

State-BJP-Chief-Ranjit-Dass-Centre-with-Mangalai-MP-Ramen-Deka-Right-and-President-Darrang-BJP-Nilima-Devi-at-a-party-meet-in-Mangaldai-on-Saturday-570x320

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ফাইল ফটো

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ‘কাশ্মীৰৰ পৰা কন্যাকুমাৰী’ আৰু ‘কচ্চৰ পৰা কোহিমা’লৈকে সকলো অনুপ্ৰৱেশকাৰীকেই বিতাড়িত কৰিব বুলি নতুন দিল্লীত কৰা এটা মন্তব্যৰ স্পষ্টিকৰণ দিছে অসম বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে।  দাসে  আজি স্পষ্টীকৰণ দিছে যে এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱাসকলক এই মন্তব্যত সামৰি লোৱা হোৱা নাই। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ‘ঘুসপৈঠ’ শব্দটোৰে অনুপ্ৰৱেশকাৰীক সাধাৰণভাৱে বুজাইছে।

উল্লেখ্য যে, যোৱা কালি ২৩ ডিচেম্বৰত নতুন দিল্লীত বিজেপিৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ এখন সভাত শ্বাহে এনআৰচিৰ পৰা বাদ পৰা ৪০ লাখ লোকৰ প্ৰসংগ টানি কৈছিল যে কাশ্মীৰৰ পৰা কন্যাকুমাৰী আৰু কচ্চৰ পৰা কোহিমালৈকে সকলো অনুপ্ৰৱেশকাৰীকেই বিতাড়িত কৰা হ’ব।

দাসে কৈছে, ‘‘তেওঁ এনআৰচিত নাম নথকাসকলক উপলক্ষ্য কৰি কোৱা নাই। য়ুপিএ চৰকাৰৰ দিনৰে পৰাই সংসদত মন্তব্য কৰা হৈছিল যে অসমত ৪০ বা ৮০ লাখ অনুপ্ৰৱেশকাৰী আছে। আমাৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে এই মন্তব্যটোকেই দোহাৰিছে মাথোঁ।’’

দাসে আৰু কৈছে, ‘‘চাওক, এননআৰচি উন্নয়নৰ প্ৰক্ৰিয়া চলি আছে। দাবী আৰু অভিযোগ আৰু দাবীৰ পুনৰীক্ষণ এতিয়াও হোৱা নাই। গতিকে প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পূৰ্বে আমি কাকোৱেই অবৈধ অনুপ্ৰৱেশকাৰী বা সন্দেহজনক নাগৰিক বুলি ক’ব নোৱাৰোঁ।’’

দাসে এনআৰচি উন্নয়নৰ বেলিকা কংগ্ৰেছৰ ভূমিকাৰো সমালোচনা কৰে। তেওঁ কয় যে বৰপেটাত ২০১৪ত আৰম্ভ কৰা এনআৰচিৰ পাইলট প্ৰজেক্টৰ প্ৰক্ৰিয়া ইচ্ছাকৃতভাৱে বিফল কৰিছিল কংগ্ৰেছে।