ৰঞ্জিত দাস আন এটা কাৰ্য্যকালৰ বাবে প্ৰদেশ বিজেপিৰ সভাপতি!

02-11-18-Guwahati-Ranjit-Kr-Dass-BJP-State-President-Press-meet-3-1140x570

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস। ফাইল ফটো

প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাস পুনৰ আন এটা তিনি বছৰীয়া কাৰ্য্যকালৰ বাবে সভাপতি নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে।

দাস যোৱা ২০১৭ চনৰ ৩০ জানুৱাৰিত ৰাজ্যিক সভাপতি পদলৈ নিৰ্বাচিত হৈছিল। এটা সূত্ৰৰ মতে, ৩০ জানুৱাৰিৰ পিছতে দাসক বাহাল ৰখাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।

“ৰঞ্জিত কুমাৰ দাস আন এটা কাৰ্য্যকালৰ বাবে সভাপতি হোৱাৰ সম্ভানা আছে। তেওঁৰ নেতৃত্বত দলে ভাল উন্নতি কৰিছে”, বিজেপিৰ এজন জ্যেষ্ঠ নেতাই কয়।

মন কৰিব লগীয়া যে এই সপ্তাহটোতে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত আৰু পশ্চিম বংগতো ৰাজ্যিক বিজেপিৰ সভাপতিৰ নিৰ্বাচন হৈ গৈছে।

মেঘালয়ত আৰু ত্ৰিপুৰাত ক্ৰমে এ এল হেক আৰু মানিক সাহাই দলটোৰ নতুন ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব লৈছে। আনহাতে পশ্চিম বংগত আন এটা কাৰ্য্যকালৰ বাবে পুনৰ দিলীপ ঘোষক দায়িত্ব দিয়া হৈছে।

ৰাজ্যিক বিজেপিৰ আন এজন জ্যেষ্ঠ নেতায়ো ৰঞ্জিত দাসৰ ঠাইত আন কোনো লোকক সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা অস্বীকাৰ কৰি কয়, “সালসলনিৰ কোনো সম্ভাৱনা নাই”।

অসমত ২০২১ চনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু গেৰুৱা দলটোৱে এইবাৰ অসমৰ জনগণৰ CAA-বিৰোধী স্থিতিৰ বাবে যথেষ্ট কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে বুলি অনুমান কৰা হৈছে।