শেহতীয়া সাক্ষাৎকাৰত ৰাণু মণ্ডল, “জন্ম মোৰ ভাল ঘৰতে হৈছিল”

মুম্বাইৰ সৈতে পুৰণি সম্পৰ্ক আৰু নিজৰ স্বামীৰ বিষয়েও মুখ খুলিলে "ছাডেন চেলিব্ৰেটি" ৰাণুৱে

RanuMondal

প্ৰতিনিধিত্বমূলক ছবি।

ছ’চিয়েল মিডিয়াই প্ৰতিভাৰ মূল্য দিয়াৰ পিছত হঠাতে চেলিব্ৰেটি হোৱা ৰাণু মণ্ডলৰ আন কিছুমান স্বীকাৰোক্তি সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত চৰ্চা হোৱা দেখা গৈছে।

মৌলিক প্ৰতিভাৰ গৰাকী মহিলাগৰাকীয়ে অলপতে আই এ এন এছ (Indo-Asian News Service) নামৰ সংবাদ প্ৰতিষ্ঠানটোত এটা সাক্ষাৎকাৰ দিছিল।

সাক্ষাৎকাৰটোত ৰাণুৱে তেওঁৰ অতীত সম্পৰ্কে বহু কথা মুকলিকৈ প্ৰকাশ কৰিছে।

“মই যে সদায়ে দুখীয়াই আছিলো তেনে নহয়। মোৰ ফুটপাথত জন্ম হোৱা নাই, ভাল ঘৰতে জন্ম হৈছিলো”, সাক্ষাৎকাৰটোত ৰাণুৰ এই মন্তব্যৰ উদ্ধৃতি দিছে জী নিউজ নামৰ পৰ্টেলটোৱে।

ৰাণুৱে জন্মৰ ছমাহৰ পিছতে মাক-দেউতাকৰ পৰা বিচ্ছিন্ন হোৱা বুলি জানিবলৈ দি সাক্ষাৎকাৰটোত বিয়াৰ পিছতে নিজৰ স্বামীৰ সৈতে কলকাতাৰ পৰা মুম্বাইলৈ গুচি যোৱাৰ কথা প্ৰকাশ কৰে।

“মোৰ স্বামীয়ে বলিউড তাৰকা ফিৰোজ খানৰ ঘৰত ৰান্ধনী হিচাপে কাম কৰিছিল, তেওঁৰ পুতেক ফাৰদীন তেতিয়া কলেজত পঢ়ি আছিল। তেওঁলোকে আমাক খুব ভাল ব্যৱহাৰ কৰিছিল, নিজৰ পৰিয়ালৰ সদস্যৰ দৰে”, মুম্বাইত নিজৰ অতীত সুঁৱৰি সাক্ষাৎকাৰটোত ৰাণুৱে কয়।

এটা সময়ত তেওঁলোকৰ এটা ঘৰো আছিল বুলি দাবী কৰে ৰাণুৱে। স্বামীৰ মৃত্যুৰ পিছত জীৱনক একাকীত্বই গ্ৰাস কৰা ৰাণুৱে কেৱল ভগৱানকে ধিয়াই সংগ্ৰাম কৰি গৈছিল।

“মই পৰিস্থিতি অনুযায়ী গান গাইছিলো। গান গোৱাৰ যে সুযোগ পাম তাৰ আশাত নহয়, কেৱল গাই ভাল পাওঁ বাবেই”, সংবাদ প্ৰতিষ্ঠানটোত ৰাণুৰ উদ্ধৃতি।

“এতিয়া অত্যন্ত সুখী আৰু খুব উচ্ছ্বসিত” বুলি জানিবলৈ দি ইতিমধ্যে পাঁচ-ছটা গান ৰেকৰ্ডিং কৰা ৰাণুৱে কয় যে তেওঁ এতিয়া মুম্বাইত এটা ঘৰ হোৱাটো আশা কৰে। কলকাতাৰ ঘৰৰ পৰা মুম্বাইলৈ বিমানত সঘনে অহা-যোৱা কৰাটো তেওঁৰ বাবে অসুবিধাজনক হৈ পৰিছে, জনালে নতুন চেলিব্ৰেটিগৰাকীয়ে।

প্ৰায় এমাহৰ আগলৈকে ৰেইল ষ্টেইশ্যনত গান গাই জীৱিকা উলিওৱা ৰাণু মণ্ডল হঠাৎ চেলিব্ৰেটি হৈ পৰাৰ পিছত তেওঁক লৈ গোটেই দেশবাসীৰ উৎসুকতা দেখা গৈছে। ব্যস্ত হৈছে সংবাদ মাধ্যমো।

পশ্চিম বংগৰ ৰাণাঘাট ৰেইল ষ্টেইশ্যনত লতা মংগেশকাৰৰ “এক প্যাৰ কা নাগমা” গানটো গাই থকা মুহূৰ্তত অতীন্দ্ৰ চক্ৰৱৰ্তী নামৰ এজন নিত্যযাত্ৰীয়ে সেয়া ৰেকৰ্ডিং কৰি ছ’চিয়েল মিডিয়াত আপল’ড কৰাৰ পিছতে তেওঁৰ প্ৰতিভাই অভাৱনীয় আদৰ পায় আৰু ৰাতিটোৰ ভিতৰতে তাৰকাত পৰিণত হয়।

হিমেশ ৰেশমিয়াৰ সৈতে বলিউডত প্ৰথম গানটো ৰেকৰ্ডিং কৰা ৰাণুক ইতিমধ্যে কেইবাটাও গান গোৱাৰ সুযোগ দিছে বলিউডে।

মাজতে অভিনেতা ছলমান খানে ৰাণুক মুম্বাইত এটা ফ্লেট উপহাৰ দিয়া বুলি ওলাইছিল যদিও সেয়া আছিল উৰা-বাতৰিহে বুলি পিছত গম পোৱা হয়।