সেউজ ভূমিত সোণালী সময়! জংঘল ছাফাৰীৰ পৰা উভতি অহাৰ পথত পৰ্যটকৰ গাড়ীৰ সন্মুখত দেখা দিলে এটা সোণালী বাঘ। যিটো অতি বিৰল। বছৰত এবাৰ বা দুবাৰহে বিৰল প্ৰজাতিৰ এই সোণালী বাঘ দেখা পোৱা যায়। বছৰৰ শেষৰ ফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখা গ’ল এটা বিৰল সোণালী বাঘ। যিটো দেখি মন প্ৰাণ ভৰি পৰিল পৰ্যটকৰ।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, বুধবাৰে বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কোহৰা ৰেঞ্জত জংঘল ছাফাৰীলৈ গৈছিল এদল পৰ্যটক। তাৰ পৰা উভতি অহাৰ পথত পৰ্যটকৰ গাড়ীৰ সন্মুখেৰে এটা সোণালী বাঘ খোজ কাঢ়ি যায়।
আনকি খোজকাঢ়ি গৈ থাকোঁতে গোল্ডেন টাইগাৰটোৱে পৰ্যটকৰ ফালে ঘূৰিও চায়। সোণালী বাঘটো ইমান ওচৰত দেখি পৰ্যটকসকল উৎফুল্লিত হৈ পৰিল। গোল্ডেন টাইগাৰ খোজ কাঢ়ি যোৱা, পিছলৈ ঘূৰি চাই থকা ভিডিঅ’টো ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
উল্লেখ্য যে সমগ্ৰ বিশ্বতে সোণালী বাঘ বা গোল্ডেন টাইগাৰৰ সংখ্যা বৰ্তমান ১০ হাজাৰ। যাৰ ভিতৰত এটা কালি দেখা পোৱা গ’ল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চাৰিটা সোণালী বাঘ আছে। চলিত বৰ্ষৰ জানুৱাৰী মাহত দেখা গৈছিল এটা সোণালী বাঘ। ইয়াৰ পূৰ্বে ২০১৯ চনত কাজিৰঙাত গোল্ডেন টাইগাৰ দেখা গৈছিল।
এই প্ৰজাতিৰ বাঘৰ ছালৰ ৰং সোণালী কিয়? বিশেষজ্ঞসকলে কয় যে জেনেটিক পৰিৱৰ্তনৰ বাবে এই প্ৰজাতিৰ বাঘৰ শৰীৰত ক’লা দাগ নাথাকে। কমলা ৰঙৰ ৰংটোও কিছু সময়ৰ পাছত ম্লান হৈ পৰে। সেয়ে, এই ধৰণৰ বাঘৰ ৰং সোণালী দেখা যায়।