কাইলৈ ২০ জুন। সমগ্ৰ ৰাজ্যতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সুঁৱৰিৱ ৰাজ্যবাসীয়ে। একেধাৰে সুৰকাৰ, গীতিকাৰ, কবি, অভিনেতা তথা খেলুৱৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী সৃষ্টিৰাজিৰ চৰ্চাৰে মুখৰিত হ’ব চৌদিশ।
১৯৬৯ চনৰ ২০ জুন তাৰিখে তেজপুৰত শেষ নিশ্বাস ত্যাগ কৰিছিল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই। বিষ্ণু ৰাভাৰ মৃত্যু দিৱসটোৱেই ৰাভা দিৱস হিচাপে পালন কৰা হয়।
১৯০৯ চনৰ ৩০ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ) ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী। গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ আছিল যদিও এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। এটা সময়ত তেওঁ ‘ৰাভা’ উপাধি গ্ৰহণ কৰিছিল।
বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাৰ সেনাৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল যদিও হাইস্কুলীয়া শিক্ষা চলি থকাৰ মাজতে পিতৃৰ বিয়োগ হোৱাত তেজপুৰৰ সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লৈছিল আৰু তাতেই পঢ়াশুনা কৰে। বিষ্ণুপ্ৰসাদ ৰাভাই কলেজীয়া শিক্ষা গ্ৰহণ কৰে কলকাতাত।
বিষ্ণু ৰাভাই বৃ্হত্তৰ অসম কিম্বা বৰ অসমৰ চিন্তা কৰিছিল। তেৱোঁ অসমত শংকৰী চিন্তা আৰু সংস্কৃতিৰ পুনৰুজ্জীৱনৰ মাজেদি, কীৰ্তনঘোষা, নামঘোষাৰ শৌৰ্য্য-বীৰ্য্যৰে, নাট-গীত-নাম-বৰগীতৰ তুৰ্যনাদেৰে আজিৰ অসমৰ সমূহ জনগোষ্ঠী তথা নগা, খাচি, মণিপুৰীকে ধৰি উত্তৰ-পূবৰ সমূহ জাতিকে সামৰি, ঐক্যবদ্ধ কৰি বৰ অসমৰ কাঠামো তৈয়াৰ কৰাৰ কথা ভাবিছিল।
তেওঁ কৈছিল, “সৰু সৰু জুৰি-নিজৰি উপনৈৰ সমন্বিত শকতিৰ দ্বাৰা যেনেকৈ ব্ৰহ্মপুত্ৰই তাৰ বিশালতা আৰু বিৰাটতা লাভ কৰিছে, ঠিক তেনেকৈ অসমৰ বহুজাতি,উপজাতি আৰু জনজাতিৰ কৃষ্টি-সংস্কৃতি আৰু সাহিত্যয়ো বিশালতা আৰু বিৰাটতা লাভ কৰিছে।”
ৰাভাই ৰাজনীতিৰ জগততো খোজ পেলাইছিল। ১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দলত যোগ দিয়ে আৰু ১৯৫৭ চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে যদিও এই নিৰ্বাচনত তেওঁ পৰাজিত হয়। ইয়াৰ পিছত ১৯৬৭ চনত তেওঁ তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। ১৯৬৮ চনতো কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰে যদিও পৰাজয়বৰণ কৰে।
বিষ্ণুপ্ৰসাদ ৰাভাই সংস্কৃতিৰ পূজাৰী হিচাপেহে সকলোৰে অন্তৰত সাঁচ বহুৱাই ৰাখিছে। সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক তথা চলচ্চিত্ৰ পৰিচালক হিচাপেও ৰাভাৰ অৱদান চিৰস্মৰণীয়। তেওঁ ৰচনা কৰা কালজয়ী গীতসমূহে অসমৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে সকলোকে মুগ্ধ কৰি ৰাখে।