এটিএম গ্ৰাহকৰ বাবে সকাহ; ৰিজাৰ্ভ বেংকে জনালে কেনেকৈ পাব ৫টা ফ্ৰী ট্ৰেনজেকশ্যন

atm2_169706_730x419

প্ৰতিনিধিত্বমূলক ফটো

ভাৰতীয় ৰিজাৰ্ভ বেংকে এটিএম গ্ৰাহকক দিছে এক ডাঙৰ সকাহ।

বেংকসমূহক ৰিজাৰ্ভ বেংকে জাননী জাৰি কৰিছে যে এটিএম ট্ৰেনজেকশ্য্যনৰ সময়ত হোৱা ‘ফেইল ট্ৰেনজেকশ্য্যন’ক ‘ফ্ৰী ট্ৰেনজেকশ্য্যন’ হিচাপে যাতে নধৰে।

গ্ৰাহকসকলে অভিযোগ কৰে যে বেংকেসমূহে ‘ফেইল ট্ৰেনজেকশ্য্যন’কো ‘ফ্ৰী ট্ৰেনজেকশ্য্যন’ হিচাপে গণনা কৰে।

ইয়াৰ ফলত গ্ৰাহকসকলে প্ৰতি মাহত লাভ কৰিবলগীয়া ৫টা ‘ফ্ৰী ট্ৰেনজেকশ্য্যন’ত ঘাটি হৈ পৰে।

বেংকে বৰ্তমান ‘ফেইল ট্ৰেনজেকশ্য্যন’কো ‘ফ্ৰী ট্ৰেনজেকশ্য্যন’ বুলি ধৰি লৈ মাহটোত পাবলগীয়া ৫টা  ‘ফ্ৰী ট্ৰেনজেকশ্য্যন’ কৰ্তন কৰে।

ইয়াৰ ফলত গ্ৰাহকে এটা ‘ফ্ৰী’ সুযোগ হেৰুৱাবলগীয়া হয়।

এতিয়া আৰ বি আয়ে দিয়া নিৰ্দেশ অনুসৰি এটিএমত হোৱা ‘ফেইল ট্ৰেনজেকশ্য্যন’ বা ‘বেলেন্স চেক’ অথবা চেকবুক এপ্লাইৰ দৰে নগদ ধন বিহীন আদান-প্ৰদানক মাহটোৰ ৫টা ‘ফ্ৰী ট্ৰেনজেকশ্য্যন’ত ধৰিব নোৱাৰিব।

উল্লেখ্য যে আৰ বি আইৰ নিয়ন অনুসৰি এটিএম গ্ৰাহকসকলে প্ৰতি মাহে ৫টা ট্ৰেনজেকশ্য্যনত কোনো টকা কৰ্তন নকৰে, কিন্তু ইয়াৰ ওপৰত ছয় নম্বৰ ট্ৰেনজেকশ্য্যনৰ পৰাই বেংকে চাৰ্জ আদায় কৰে।

ইপিনে, আৰ বি আয়ে লগতে স্পষ্ট কৰি দিছে যে ‘বেলেন্স চেক’, ‘ফাণ্ড ট্ৰেন্সফাৰ’ৰ দৰে নগদ ধন বিহীন ট্ৰেনজেকশ্য্যনক এটিএম ট্ৰেনজেকশ্য্যন হিচাপে ধৰা নহ’ব।

আৰ বি আইৰ এই পদক্ষেপে এটিএম গ্ৰাহকসকলক এক ডাঙৰ সকাহ দিব।

সাধাৰণতে গ্ৰাহকসকলে প্ৰায়েই অভিযোগ কৰা দেখা যায় যে ট্ৰেনজেকশ্য্যন ফেইল হোৱাৰ পাছতো বেংকে ইয়াক ‘ফ্ৰী ট্ৰেনজেকশ্য্যন’ত গণনা কৰে আৰু ফলত গ্ৰাহকে পাছত ধন উলিয়ালে বেংকে চাৰ্জ কৰ্তন কৰে।