চাইবাৰ অপৰাধ নতুন কথা নহয়। ‘ফিছিং’ বা অনলাইন জালিয়াতিৰ লগত আজিকালি সকলোৱে পৰিচিত। অৰ্থাৎ মোবাইল ফোনত ফোন কৰি বিভিন্ন ব্যক্তিগত তথ্য বিচৰা, বেংক একাউণ্ট হেক কৰি টকা উলিয়াই নিয়া আদি। কিন্তু প্ৰৱঞ্চকসকল ইয়াতেই ক্ষান্ত থকা নাই। তেওঁলোকৰ নতুন অস্ত্ৰ এতিয়া এক বিশেষ ধৰণৰ ইউজাৰ ইন্টাৰফেচ-‘ডাৰ্ক পেটাৰ্ণ’।
ইয়াৰ জৰিয়তে গ্ৰাহকে বিভিন্ন এপত কি কিনিছে বা চাই আছে বা পঢ়ি আছে, সেই সকলোবোৰ তথ্য প্ৰৱঞ্চকৰ হাতলৈ আহি আছে। আৰু সেই প্ৰক্ৰিয়াটো অনুসৰণ কৰি বিভিন্ন কৌশলেৰে ধন সৰকাই নিয়া হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অভিলাষী ডিজিটেল ইণ্ডিয়া অভিযানৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহক এই নতুন আতংকৰ ফান্দৰ বিৰুদ্ধে সকীয়াই দিছে। সোমবাৰে মুদ্ৰা আৰু বিত্ত প্ৰতিবেদন প্ৰকাশ কৰি আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে স্পষ্ট কৰি দিয়ে যে সাৱধান, ডিজিটেল ব্যৱস্থাৰ একাউণ্টৰ পৰা হেৰুৱা ধনৰ সংখ্যা বিপদজনকভাৱে বৃদ্ধি পাইছে।
লগতে পঢ়কঃ ধাৰাসাৰ বৰষুণৰ ফলত কেৰালাৰ ওয়েনাডত ভয়াবহ ভূমিস্খলন, কমেও ২৪ জনৰ মৃত্যু, বহু লোক আৱদ্ধ
শেহতীয়া চাইবাৰ জালিয়াতিৰ বেছিভাগেই ডাৰ্ক পেটাৰ্ণৰ জৰিয়তে হয়। ২০২৩ চনত কেৱল ডিজিটেল জালিয়াতিৰ জৰিয়তেই ভাৰতৰ বেংকৰ পৰা প্ৰায় ২০ কোটি টকা সৰকাই নিয়া হৈছে। যোৱা তিনি বছৰত এই সংখ্যা ২৮ শতাংশ বৃদ্ধি পাইছে। সেয়েহে বেংকসমূহক আৰ বি আইৰ কঠোৰ সতৰ্কবাণী, এই ক্ষেত্ৰত সকলো দায়িত্ব গ্ৰাহকৰ কান্ধত জাপি দি দায়িত্বৰ পৰা আঁতৰি থাকিব নোৱাৰিব। চাইবাৰ সুৰক্ষাৰ প্ৰতি আৰু অধিক গুৰুত্ব দিব লাগিব।
কিন্তু এই ‘ডাৰ্ক পেটাৰ্ণ’ কি? সহজ ভাষাত ক’বলৈ গ’লে ই এক প্ৰকাৰৰ বিশেষ ব্যৱস্থা, যিয়ে গ্ৰাহকক সুবিধা প্ৰদানৰ নামত অধিক মূল্যত কিবা এটা কিনিবলৈ বা বীমা আদি ল’বলৈ বাধ্য কৰে। এই শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল ২০১০ চনত ইউজাৰ এক্সপেৰিয়েন্স ডিজাইনাৰ হেৰী ব্ৰিগনালে।
কিন্তু ইয়াৰ সহায়ত কেনেকৈ বৃদ্ধি পাইছে প্ৰৱঞ্চনা? ৰিজাৰ্ভ বেংকৰ মুদ্ৰা আৰু বিত্ত প্ৰতিবেদন অনুসৰি এই ‘ডাক পেটাৰ্ণ’ এক অতি আতংকত পৰিণত হৈছে। কাৰণ এতিয়ালৈকে অনলাইন ঋণৰ অফাৰ, ঋণ অনুমোদনৰ নামত বেংকিং বা ব্যক্তিগত তথ্য সৰকাই গ্ৰাহকক সৰ্বস্বান্ত কৰা হৈছিল।
লগতে পঢ়কঃঝাৰখণ্ডত মুম্বাইমুখী ৰে’লৰ ১৮টা ডবা লাইনচ্যুত, দুজনৰ মৃত্যু, কমেও ২০জন আহত
কিন্তু, ডাৰ্ক পেটাৰ্ণৰ ব্যৱসায়ীসকল ইয়াৰ পৰা পৃথক। কোনে কোন বেংকত আৰু কি কাৰণত ঋণৰ বাবে আবেদন কৰিছে সেই কথা জানিবলৈ তেওঁলোকে ডাটা আপলোড প্ৰক্ৰিয়া অনুসৰণ কৰি আছে। তাৰ পিছত কেতিয়াবা অ’টিপি পঠিয়াই বা লিংক এটাত ক্লিক কৰি তেওঁলোকৰ লগত যোগাযোগ কৰি টকাখিনি সৰকাই নিয়া হয়। বিদ্যুৎ, গেছ, কেবল-ডিচ টিভি আদি ৰাজহুৱা আৰু ব্যক্তিগত সেৱাৰ বিল পৰিশোধৰ ব্যৱস্থা ভংগ কৰি প্ৰৱঞ্চনাৰ আটাইতকৈ আধুনিক ব্যৱস্থাটো আৰম্ভ কৰা হৈছে। প্লেটফৰ্মৰ অনুকৰণ কৰি এপ বা পেমেণ্ট গেটৱে খুলি প্ৰৱঞ্চনা চলি আছে।
২০১৬ চনত বিমুদ্ৰাকৰণৰ পিছত দেশত ইউপিআই বা ইণ্টাৰনেট বেংকিংৰ উত্থান আৰম্ভ হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে তাৰ ক্ৰেডিটো ল’বলৈ এৰা নাই। বিভিন্ন বেংকৰ শাখা ক্ৰমান্বয়ে হ্ৰাস কৰা হৈছে। মোডী চৰকাৰে দেশত ৭৫টা ডিজিটেল বেংক স্থাপনৰ কথাও ঘোষণা কৰিছে।
লগতে পঢ়কঃ ৰাহুলে গান্ধীয়ে সংসদত ছবি দেখুৱাই দিলে মন্তব্য, মূৰে-কপালে হাত দিলে সীতাৰমনে! ঘটনাটো কি?
ইপিনে, আৰ বি আইয়ে বেংকক দিয়া নতুন সতৰ্কবাণীৰ ফলত চাঞ্চল্য বিয়পি পৰিছে। আৰ বি আইৰ গৱৰ্ণৰে প্ৰতিবেদনত কয় যে প্ৰযুক্তিৰ উন্নতিয়ে গ্ৰাহক আৰু বেংকিং ব্যৱস্থাক সহায় কৰিছে যদিও নিৰাপত্তাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। সেয়েহে বেংকসমূহে এতিয়াৰ পৰা চাইবাৰ সুৰক্ষাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিব লাগিব। ‘ডাৰ্ক পেটাৰ্ণ’ ব্যৱহাৰ কৰি প্ৰৱঞ্চনা এবছৰৰ ভিতৰত ২৪ শতাংশ বৃদ্ধি পাইছে। ফিছিং ১২ শতাংশ বৃদ্ধি পাইছে। বৰ্তমান খুচুৰা ঋণৰ বা ৰিটেইল লোনৰ অধিকাংশ প্ৰক্ৰিয়াই অনলাইনত কৰা হয়। এই ক্ষেত্ৰত বেংক আৰু ঋণ লোৱা দুয়োপক্ষই সাৱধান হ’ব লাগিব।