প্ৰাক্তন বায়ুসেনা বিষয়াৰ নিজস্ব চিত্ৰশিল্পৰ ৱেবছাইট উন্মোচন

d-1-750x375

ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বৈমানিক দেবানন্দ গোহাঞিয়ে তেওঁ অঁকা পেইণ্টিঙসমূহৰ এটা নিজস্ব ৱেবছাইট উন্মোচন কৰিছে। গোহাঞিয়ে ভাৰতীয় বায়ুসেনা বাহিনীৰ গ্ৰুপ কেপ্টেইন (স্থলসেনাৰ কৰ্নেলৰ সমপৰ্যায়) পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

গোৱালপাৰাৰ সৈনিক স্কুল আৰু নেশ্যনেল ডিফেন্স একাডেমীৰ প্ৰাক্তন ছাত্ৰ গোহাঞিয়ে অংকণ কৰা সকলো শিল্পকৰ্ম একগোট কৰি প্ৰদৰ্শন কৰাৰ বাবে উন্মোচন কৰা ৱেবছাইটটোৰ ঠিকনা হৈছে https://www.debgohain.com।

তেওঁ এই শিল্পসাধনাক এটা হবি হিচাপে গ্ৰহণ কৰিছিল আৰু গুৱাহাটীকে ধৰি বিভিন্ন স্থানত বহু কেইটা গোট প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল।

উল্লেখ্য যে ভাৰতীয় বায়ুসেনাৰ এগৰাকী দুঃসাহসী পাইলট সেই সময়ৰ ফ্লাইং অফিচাৰ উৎপল বৰবৰাৰ ১৯৬৫ চনৰ বিখ্যাত ফটো-ৰিকনিছেনছ মিশ্যনৰ ওপৰতো কাম কৰিছে আৰু সেইসমূহ শ্বিলঙৰ ইষ্টাৰ্ন এয়াৰ কামাণ্ডৰ সংগ্ৰাহালয়ত সংৰক্ষিত আছে।

উল্লেখ্য যে ফ্লাইং অফিচাৰ উৎপল বৰবৰাই ভূ-ভাগৰ পৰা মাথো ৫০ মিটাৰ উচ্চতাৰে পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰি পাকিস্তানে ভাৰতৰ বিৰুদ্ধে বিদেশী অস্ত্ৰ বিশেষকৈ যুদ্ধ-টেংক ব্যৱহাৰ কৰাৰ সাক্ষ্য সংগ্ৰহ কৰিছিল।

তাৰোপৰি, তেওঁৰ পেইটিঙে ভাৰতীয় বায়ুসেনাৰ বহুকেইটা অফিচাৰ্ছ মেছৰ প্ৰতীক্ষালয়ৰ (anteroom) দেৱালৰ শোভা বৰ্ধন কৰিছে।

১৯৭৩ৰ ২ জুনত গোহাশিক বায়ুসেনাৰ ১১০ গৰাকী বৈমানিকৰ শাখাত নিযুক্তি দিয়া হৈছিল। যুঁজাৰু বিমানৰ বৈমানিক হিচাপে নাট ( Gnat), হাণ্টাৰ, আৰু মিগ-২১ বিমানত ৩০০০ ঘণ্টা উৰণ সসম্পন্ন কৰিছে।

শৈশৱৰে পৰাই গোহাঞিৰ কলাৰ প্ৰতি ধাউতি দেখা গৈছিল। ২০০৪ চনত ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ কলা প্ৰদৰ্শনীত অংশগ্ৰহম কৰিছিল।

তেওঁৰ পেইণ্টিসমূহ ইষ্টাৰ্ন এয়াৰ কামাণ্ডৰ প্ৰধান কাৰ্যালয়, দক্ষিণ-পশ্চিম এয়াৰ কামাণ্ডৰ প্ৰধান কাৰ্যালয়, যমুনানগৰৰ এয়াৰ ফ’ৰ্চ ষ্টেশ্যন আৰু বায়ুভৱনত দেখা পোৱা যায়। প্ৰাক্তন বায়ুসেনা বিষয়াগৰাকী বৰ্তমান তেওঁ গুৱাহাটীৰ বাসিন্দা। উল্লেখ্য যে গোহাঞি এগৰাকী উচ্চ মানৰ ফাটোগ্ৰাফাৰো।