NORTHEAST NOW (Assamese)

গৰ্ভৱতী হোৱাৰ বাবেই কিয় চাকৰিৰ পৰা অৱ্যাহতি ল’বলৈ বাধ্য কৰোৱা হ’ল সাংবাদিক ৰঞ্জিতা ৰাভাক?

May 22, 2020 12:44 pm · কল্পজ্যোতি শইকীয়া
Updated: May 22, 2020 6:19 pm
সাংবাদিক ৰঞ্জিতা ৰাভা।

সুদীৰ্ঘ ১৩ বছৰে প্ৰাগ নিউজৰ লগত জড়িত হৈ থকা ৰঞ্জিতা ৰাভা গৰ্ভৱতী হোৱাৰ বাবেই তেওঁৰ সাংবাদিকতাৰ চাকৰিৰ পৰা অৱ্যাহতি ল’বলৈ বাধ্য কৰোৱা হ’ল নেকি?

নিজৰ লিখনিৰ জৰিয়তে প্ৰাগ নিউজ কৰ্তৃপক্ষৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আনিছে ভুক্তভোগী সাংবাদিক ৰঞ্জিতা ৰাভাই।

যোৱা ১৯ মে’ৰ দিনা নিজৰ ব্লগত তেওঁক চাকৰিৰ পৰা অব্যাহতি কিয় দিয়া হ’ল সেই সম্পৰ্কে বিস্তৃতভাৱে লিখিছিল ‘মই কিছু পৰিমাণে হয়তো আবেগিক। সেয়ে “কিয়”ৰ উত্তৰ পোনপটীয়াকৈ দিব পৰা নাই। এই কাহিনীৰ মাজত আপোনালোকে উত্তৰ বিচাৰি পাব।‘

কাহিনীটোত শেষৰ ফালে লিখা আছিল প্ৰতিষ্ঠানটোত তাই ১৩ বছৰ কোনো আপোচ নোহোৱাকৈ কাম কৰিলে। আনকি কেইমাহমান আগলৈকে তাই পূৰ্ণোদ্যমে কাম কৰিলে। সেই সময়ত তাইক সকলোৱে বাহ বাহো দিলে।

কিন্তু এই জৰুৰী সময়ত তাইৰ কাষত কোনো নাই। তাইৰ হৈ মাত মতা কোনো এজন নোলাল। কিয়নো তাই গৰ্ভৱতী। গৰ্ভৱতী মহিলাই কাম কৰিব নোৱাৰে। দৌৰা দৌৰি কৰিব নোৱাৰে। এতিয়া তেওলোকক খৰধৰ কৈ কাম কৰা মানুহ লাগে।

সেয়ে তাইক কোৱা হল,
:তুমি ৰিজাইন কৰা।
তাই শেষ বাৰৰ বাবে কৈছিল
:মই মেটাৰনিটি লিভ ল’লে নহ’ব জানো। দৰমহা নালাগে বাৰু।‘

ইয়াৰোপৰি,‘কিয় তাইৰ গৰ্ভত থকা সন্তানক কাৰণ হিচাপে বাচি ললে তেঁওলোকে? ‘এনেদৰে প্ৰশ্ন কৰি ৰাভাই লগতে কয় আৰু অনেক প্ৰশ্ন মনৰ মাজত। কিন্তু প্ৰশ্ন কাকো নকৰিলে। নুবুজা মানুহক এইবোৰ প্ৰশ্ন কৰি লাভ নাই। যিদিনা তাই অফিচিয়েলি ৰিজাইন কৰিলে সেইদিনা বাৰে বাৰে মাথোঁ তেওঁলোকে এটা কথাই কৈ থাকিল…
:তুমি আমাক ভুল নুবুজিবা। মাথোঁ তোমাৰ ভালৰ বাবেই আমি এই সিদ্ধান্ত ললোঁ। ‘

এই ঘটনাৰ পাছতে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মানৱ অধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই কয়, ‘মই আচৰিত সুদীৰ্ঘ বছৰ ধৰি দেখিছো সংবাদ প্ৰতিষ্ঠানৰ মালিকে কি ধৰণে সাংবাদিকসকলক মানসিক চাপ দিয়ে। সেই সাংবাদিকগৰাকী হাউছটোৰ বিৰুদ্ধে থিয় নহয়। সাংবাদিকসকলে আনৰ ওপৰত ন্যায় বা অন্যায়ৰ কথাটো কয় কিন্তু নিজৰ বেলিকা যেতিয়া হয় তেন্তে তেওঁলোক নিৰৱে থাকিব লাগে বা নিজৰ লাইনটো সলনি কৰিবলগীয়া হয়।আনৰ ক্ষেত্ৰত যিদৰে সাংবাদিকে গুৰুত্বপূৰ্ণ ভূমিকা লয় নিজৰ বেলিকাও সেই দৃঢ় পদক্ষেপ ল’ব পাৰিব লাগিব।’

তেওঁ লগতে কয়, ‘ৰঞ্জিতা ৰাভাক বহু দিনৰ পৰা পাইছিলো তেওঁ বহু সুন্দৰকৈ কাম কৰে।তাই যিহেতু বিনা দৰমহাৰে মেটাৰনিটী লিভ বিচাৰিছিল তেন্তে ঠিকেই আছিল।তাইৰ বিৰুদ্ধে অন্যায় হৈছে।‘

ছ’চিয়েল মিডিয়াত বিষটো সৰৱ চৰ্চা হোৱাৰ পাছত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জাফাৰ প্ৰধান সম্পাদক কুঞ্জমোহন ৰায়ে এক বিজ্ঞপ্তিৰ জৰিয়তে কয়, ‘অসমৰ সাংবাদিকতাৰ জগতখনত  প্ৰায়  দুই দশক ধৰি সংবাদসেৱা আগবঢ়াই অহা এগৰাকী সাহসী তথা দায়িত্ত্বশীল আৰু নিষ্ঠাবান বুলি পৰিচিত মহিলা সাংবাদিক ৰঞ্জিতা ৰাভাক গৰ্ভৱতী হোৱাৰ বাবেই যদি চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে তেন্তে সেয়া  চূড়ান্ত অমানৱীয় আৰু আইন বিৰোধী  কাম হৈছে।‘

‘সাংবাদিক ৰঞ্জিতা ৰাভাক চাকৰিৰ পৰা অব্যাহতি দিয়া ঘটনা সম্পৰ্কত টি ভি চেনেলটোৰ কৰ্তৃপক্ষই শীঘ্ৰে নিজৰ স্থিতি ৰাজহুৱা কৰা উচিত,‘-বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে।

ইপিনে, ফেইচবুকৰ জৰিয়তে সমগ্ৰ ঘটনা প্ৰকাশ কৰাৰ পাছতে বিষয়টোক লৈ সৰব চৰ্চা চলিছে ছ’চিয়েল মেডিয়াত।

বিষয়টোক লৈ নন্দিনী মহন্ত নামৰ এগৰাকী ফেইচবুক ব্যৱহাৰকাৰীয়ে লিখিছে ‘ৰঞ্জিতা বাৰ লগত এনে হোৱাটো কোনো কাৰণতেই মানি ল’ব পৰা নাই। দুখঃ লাগে যেতিয়া বাকী সকলেও নীৰৱ ভূমিকা গ্ৰহণ কৰে বা গ্ৰহণ কৰিব লগীয়াত পৰে। কাইলৈ হয়তো মোৰ লগতো, আপোনাৰ লগতো এনেকুৱা হ’ব পাৰে। তেতিয়া???

ইয়াৰোপৰি, পাৰ্থ প্ৰতিম কলিতা নামৰ ফেইচবুক ব্যৱহাৰকাৰীয়ে লিখি কয়, ‘আচলতে ৰঞ্জিতা ৰাভাৰ গৰ্ভাৱস্থা আৰু চুটি বিচৰা এক অচিলাহে। আপোচবিহীন ৰঞ্জিতা ৰাভা এক গভীৰ ষড়যন্ত্ৰৰ চিকাৰ। প্ৰাগ নিউজ কৰ্তৃপক্ষই আগৰে পৰা তেওঁক অব্যাহতি দিবলৈ সুৰুঙা বিচাৰি আছিল¸ এতিয়া গৰ্ভাৱস্থাত চুটি বিচৰাৰ অচিলাৰে অব্যাহতি দিলে। এনেকুৱা অলেখ ৰঞ্জিতা ৰাভা থাকিব পাৰে¸ হয়তো আছে। শক্তিশালী আপোচবিহীন কণ্ঠ ৰুদ্ধ কৰিবলৈ এনেকুৱা সংবাদ প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষই যেতিয়া আগুৱাই আহে তেন্তে কি হ’ব! আজি ৰঞ্জিতা ৰাভা কৰ্তৃপক্ষৰ তীব্ৰ মানসিক হেঁচাৰ বলি¸ কাইলৈ হয়তো আপুনিও হ’ব পাৰে। তাৰ পিছত??

আনহাতে,পুজা নিৰলা নামৰ এগৰাকী ফেইচবুক ব্যৱহাৰকাৰীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘’The Maternity Benefit (Amendment) Act, 2017′ অন্তর্গত এগৰকী গৰ্ভৱতী মহিলাই ১২ সপ্তাহ ধৰি Maternity Leave পাব । আনহাতে,তাৰ পিছতো যদি মহিলাগৰাকীয়ে কামৰ পৰা অধিক ছুটী বিচাৰে ,তেন্তে তেওঁক দৰমহাবিহীন ছুটী দিয়া হয় অথবা ‘Work from Home ‘ৰ সুবিধা প্ৰদান কৰা হয় ।

তেওঁ আৰু কয়, ‘কিন্তু এই সময়ছোৱাত কোনোপধ্যে এগৰাকী কৰ্মৰত মহিলাক কামৰ পৰা উলিয়াই দিয়াৰ অধিকাৰ নাই কৰ্তৃপক্ষৰ। যিটো উপৰোক্ত আইনৰ অন্তৰ্গত বেআইনী হিচাপে বিবেচিত হ’ব। তৎসত্বেও, উক্ত প্ৰতিষ্ঠানে আইনক অৱজ্ঞা কৰি সাংবাদিকগৰাকীক প্ৰতিষ্ঠানৰ পৰা উলিয়াই দিছে। পদাতিক নাৰী সমাজে উক্ত সংবাদ প্ৰতিষ্ঠান কৰ্তৃপক্ষৰ এই অবিবেচকী আৰু বেআইনী কৰ্ম-কাণ্ডৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে সাংবাদিক ৰঞ্জিতা ৰাভাৰ সৈতে সকলো কৰ্মৰত গৰ্ভৱতী মহিলাসকলৰ বাবে ন্যায় দাবী কৰে।‘

কি ক’লে প্ৰাগ নিউজ কৰ্তৃপক্ষই?

ইপিনে, এই সৰব চৰ্চা চলাৰ পাছত আমি যোগাযোগ কৰিছিলো প্ৰাগ নিউজ কৰ্তৃপক্ষৰ সৈতে।

ব্যক্তিগত টেলিভিচন চেনেলটোৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণে আমাৰ সাংবাদিকৰ আগত কয়, ‘তেওঁক আমি বাধ্য কৰোৱা নাই। তেওঁ নিজে ৰিজাইন কৰিছে। তেওঁ এগৰাকী গৰ্ভৱতী মহিলা তেনেক্ষেত্ৰত তেওঁক কোভিড-১৯ বতৰত ৰিপৰ্টিং কৰিব দিব পৰা যায় নেকি? যদি কোনোবাই  কোভিড-১৯ বতৰত ৰিপৰ্টিং কৰিলেও তাইৰ একো ক্ষতি নহয় বুলি দায়িত্ব লয় তেন্তে আমি তাইক ল’বলৈ প্ৰস্তুত আছো।‘

‘তেওঁ যিহেতু গৰ্ভৱতী হৈ আছে, গতিকে চৰকাৰে বিচাৰিছে তেনে লোক যাতে বাহিৰলৈ নোলায়। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কৈ আছে যে বৃদ্ধ, শিশু আৰু গৰ্ভৱতী মহিলা যাতে বাহিৰত নোলায়,‘-তেওঁ লগতে কয়।

ইপিনে, ৰঞ্জিতা ৰাভাই মেটাৰিনিটী লিভৰ কথা উল্লেখ কৰিছিল নেকি বুলি সোধাত তেওঁ কয়, ‘আমাৰ ইয়াত ব্যক্তিগত প্ৰতিষ্ঠান হোৱা হেতুকে মেটাৰনীটি লিভত পে’ কৰা নহয়। তেওঁ যিখন পদত্যাগ পত্ৰ দিছিল তাত স্পষ্টকৈ তেওঁৰ সন্তান হোৱাৰ পাছত আকৌ আহি যোগদান কৰিব বুলি নিজেই লিখি গৈছিল।

Related News