ৰন্ধন প্ৰণালী : ভেদাইলতাৰে মাছৰ আঞ্জা আৰু চিলি প্ৰ’নচ্‌

assamese recipee

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰেট

১. ভেদাইলতাৰে মাছৰ আঞ্জা:

উপকৰণ :
ভেদাইলতা – ২মুঠি
মাছ – ৪ টুকুৰা
আলু – ১টা (সিজাই লোৱা)
পিয়াঁজ – ১টা
আদা-নহৰু পেষ্ট – ১ চামুচ
জীৰা গুড়ি – ১চামুচ
জালুকৰ গুড়ি – ১চামুচ
কেঁচা জলকীয়া – ২টা
নিমখ, হালধি, তেল জোখ অনুপাতে

প্ৰণালী: প্ৰথমে ভেদাইলতাখিনি মিক্সিত পেষ্ট কৰি চেকনিৰে চেকি ৰস উলিয়াই ল’ব ৷
মাছকেইডোখৰ নিমখ-হালধি সানি লৈ, কেৰাহীত তেল গৰম কৰি ফ্ৰাই কৰি ল’ব ৷
এতিয়া সেই তেলতে পিয়াঁজ, আদা-নহৰু, নিমখ, হালধি, জীৰা গুড়ি, কেঁচা জলকীয়া, সিজোৱা আলুখিনি দি অলপ ভাজি ল’ব ৷ তাৰপিছত চেকি লোৱা ভেদাইলতাৰ ৰসখিনি  দি, প্ৰয়োজন অনুসৰি পানী অলপ দি উতলিবলৈ দিব ৷ উতল আহিলে মাছকেইডোখৰ দি দিব ৷আঞ্জা ঘন হৈ আহিলে জালুকৰ গুড়ি দি নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব ৷
২. চিলি প্ৰ’নচ্‌ :

উপকৰণ:
মিছা মাছ – ২৫০ গ্ৰাম
ডাঙৰ কেপ্‌চিকাম – ১টা
পিয়াঁজ – ৩টা (কাটি লোৱা)
নহৰু – ৭ কোঁহ (সৰু সৰুকৈ কুটি ল’ব)
আদা -১ইঞ্চি (দীঘলকৈ কুটি ল’ব)
জীৰা গুড়ি – ১ চামুচ
ট’মেট’ চচ্‌ – ২ চামুচ
চ’য়া চচ্‌ – ২ চামুচ
কৰ্ণফ্ল’ৰ – ১ চামুচ
মৌ – ১চামুচ
কেঁচা জলকীয়া – ২টা
নিমখ ,হালধি,তেল আন্দাজমতে—
প্ৰণালী : নহৰু , আদা, পিয়াঁজ , কেপ্‌চিকাম  কাটি ল’ব ৷ মাছখিনি ধুই নিমখ হালধি সানি ল’ব ৷ কেৰাহীত তেল গৰম কৰি মাছখিনি ফ্ৰাই কৰি উঠাই থব ৷সেই তেলতে কাটি লোৱা নহৰু,আদা দি ৰঙচুৱাকৈ ভাজি পিয়াঁজ,কেপ্‌চিকাম,জলকীয়া, নিমখ, হালধি, জীৰা গুড়ি দি লৰাই মাছখিনিও দি দিব ৷ তাৰ পিছত কৰ্ণফ্লৰ  ,ট’মেট চচ্‌ , চ’য়া চচ্‌ আৰু এচামুচ মৌ দি লৰাই অলপ সময় ভাজি নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব ৷