বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক নিৰুদ্দেশৰ ঘটনা : ব্যৱহৃত গাড়ীখন উদ্ধাৰ হোৱাৰ পিছত ৰহস্য অধিক ঘনীভূত

Dr. Rubul Hazarika

ড০ ৰুবুল হাজৰিকা

এমাহ ধৰি সন্ধানহীন হৈ থকা আৰু আৰক্ষীয়েও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নোহোৱা বি বৰুৱা মহাবিদ্যালয়ৰ ভূগোলবিজ্ঞান বিভাগৰ অধ্যাপক ড০ ৰুবুল হাজৰিকাৰ গাড়ীখন ৭ অক্তোবৰত মহানগৰীৰ কামাখ্যা জংছনত উদ্ধাৰ হোৱাৰ পিছত ৰহস্য অধিক ঘনীভূত হৈছে।

উল্লেখযোগ্য যে ড০ ৰুবুল হাজৰিকাই ব্যৱহাৰ কৰা AS 01 DC 4166 নম্বৰৰ গ্ৰেণ্ড আই টেন গাড়ীখন স্থানীয় লোকৰ খবৰৰ ভিত্তিত কালি আৰক্ষীয়ে উদ্ধাৰ কৰিছিল।

কামাখ্যা ৰেল আৰক্ষী সুত্ৰই প্ৰকাশ কৰা মতে, কামাখ্যা জংছনৰ সমীপত থকা ভাৰতীয় ষ্টেইট বেংকৰ এটা এ টি এমৰ পাছফালে গাড়ীখন ৰখাই থৈ দিয়া আছিল। স্থানীয় লোকে কেইবাদিনো সেই স্থানত গৰাকীবিহীন গাড়ীখন দেখি সন্দেহবশতঃ আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে পৰীক্ষা কৰি গাড়ীখন নিৰুদ্দিষ্ট ড০ ৰুবুল হাজৰিকাৰ বুলি নিশ্চিত কৰে। গাড়ীখনৰ ভিতৰত হাজৰিকাৰ ম’বাইল ফ’ন, মানিবেগ আৰু ছেন্দেল উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে লগতে গাড়ীখন অক্ষত অৱস্থাত থকা বুলিও জানিবলৈ দিয়ে। কিন্তু সেই ঠাইখিনি চি চি টিভিৰ নিৰীক্ষণৰ ভিতৰত নথকা বাবে গাড়ীখন কোনে কেতিয়া সেই স্থানত ৰখাইছে সেই কথা এতিয়াও জানিব পৰা নাই বুলি ৰে’ল আৰক্ষীয়ে জনায়।

ইতিমধ্যে গাড়ীখন ৰুবুল হাজৰিকাৰ নিৰুদ্দেশৰ গোচৰ ৰুজু হোৱা চিপাঝাৰ থানাই চমজি লৈছে। চিপাঝাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া লোহিত চন্দ্ৰ ৰাভাই জানিবলৈ দিয়া মতে, বৰ্তমানলৈ অধ্যাপকজনৰ কোনো সম্ভেদ আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই। হঠাতে এইদৰে পৰিত্যক্ত অৱস্থাত গাড়ীখন উদ্ধাৰ হোৱাটোৱে নিৰুদ্দেশৰ ঘটনাটোক অধিক ৰহস্যঘন কৰিছে।

উল্লেখ্য যে, যোৱা ১২ ছেপ্তেম্বৰৰ পৰাই নিৰুদ্দেশ হৈ আছে ৰুবুল হাজৰিকা। অধ্যাপক ড০ হাজৰিকাই ১১ ছেপ্তেম্বৰত গুৱাহাটীৰ পৰা দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ হাজৰিকাপাৰাত থকা তেওঁৰ নিজা ঘৰলৈ গৈছিল। ১২ ছেপ্তেম্বৰত ঘৰৰ পৰা তেওঁৰ গাড়ীখনত তেল ভৰাবলৈ ওলাই অহাৰ পাছৰে পৰা নিৰুদ্দিষ্ট হৈ আছে।