নিবনুৱাৰ বাবে সুখবৰ: বিটিআৰৰ স্বাস্থ্য বিভাগত শীঘ্ৰে ৫০০ টা পদত দিয়া হ’ব নিযুক্তি

bbb

বিটিআৰৰ নিবনুৱাৰ বাবে এক সুখবৰ আহিছে।
প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰে অতি শীঘ্ৰে স্বাস্থ্য বিভাগৰ প্ৰায় ৫০০ টা খালি হৈ থকা পদত প্ৰাৰ্থী নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে।

এই কথা প্ৰকাশ কৰিছে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই।
আজি কোকৰাঝাৰত সাংবাদিকৰ আগত অৰূপ কুমাৰ দেই কয় যে বিটিআৰৰ স্বাস্থ্য বিভাগক উন্নতমানৰ কৰি তোলাৰ স্বাৰ্থত বিটিআৰ চৰকাৰে কিছু পদক্ষেপ গ্ৰহণ কৰিছে ।

স্বাস্থ্য বিভাগত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত খালি হৈ থকা প্ৰায় ৫০০ টা পদত মিনি ল’ক ডাউনৰ পিছতে নিযুক্তি দিয়া হ’ব বুলি তেওঁ মন্তব্য কৰে। লগতে প্ৰতিখন জিলা সদৰৰ অসামৰিক চিকিৎসালয়ত ICU আৰু জেনেৰেল ৱাৰ্ডতো AC সংযোজন কৰিব বুলি তেওঁ কয়।

বিটিআৰ অঞ্চলৰ চিকিৎসালয় সমূহত চিকিৎ,সকৰ সমস্যা, বিভাগত কৰ্ম শক্তিৰ সমস্যা আদিও সমাধান কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

কৰ’ণা ভেকচিন জুন মাহতে বিটিআৰবাসীয়ে গ্ৰহণ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও উল্লেখ কৰে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহীগৰাকীয়ে ।