ৰীলড্ৰামাৰ শেহতীয়া মুক্তি, অসমীয়া ৱেব শৃংখলা ‘ফিচা’ই ৱেব ধাৰাত নিৰ্মাণ কৰা প্ৰচলিত ধাৰাক ইয়াৰ ৰোমাঞ্চকৰ আৰু অগতানুগতিক হত্যা-তদন্ত, ষড়যন্ত্ৰৰ কাহিনীৰে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে।
বৰষাৰাণী বিষয়া, প্ৰসেনজিৎ বৰা আৰু ৰাজীৱ গোস্বামী অভিনীত, সংকল্পজিৎ হাজৰিকাৰ ‘ফিচা’ই দৰ্শক আৰু সমালোচকসকলৰ মাজত তীব্ৰ আকৰ্ষণৰ সৃষ্টি কৰিছে।
‘ফিচা’ত এজন প্ৰখ্যাত সমাজকৰ্মীৰ হত্যাৰ তদন্ত দেখুওৱা হৈছে। কাহিনীটোৱে বিভিন্ন ঘটনাৰ সূত্ৰ উন্মোচন কৰে যাৰ ফলত ব্যক্তিজনক হত্যা কৰা হৈছিল। ইয়াক যদিও আৰম্ভণিতে “অ’পেন এণ্ড শ্বাট কেছ” যেন লাগিছিল, ‘ফিচা’ত দেখা গৈছে যে কেনেদৰে এচিপি-অপৰাধ শাখা, ৰঞ্জনে এক অদ্ভুত হত্যাকাণ্ডৰ তদন্ত কৰি এক ভয়ানক ষড়যন্ত্ৰ আৰু ‘মাছ’ৰ অস্তিত্বৰ মাজেৰে অনা মানসিক প্ৰভাৱৰ এটা দিশ উন্মোচন কৰে।
সংকল্পজিৎ হাজৰিকাৰ দ্বাৰা পৰিচালিত, ‘ফিচা’ই ৮টা খণ্ডত এই হত্যাৰ ৰহস্য মুকলি কৰে, যি এতিয়া কেৱল ৰীলড্ৰামাত প্ৰচাৰিত হৈ আছে। আকৰ্ষণীয় ছাছপেন্স ৱেব শৃংখলাটোৰ চিত্ৰনাট্য ৰচনা কৰিছে প্ৰণৱ বৰুৱাই।
‘’চিত্ৰনাট্যখন ৰীলড্ৰামাৰ সৃষ্টিশীল দলৰ সৈতে একাধিক আলোচনাৰ ফচল আছিল। আমি প্ৰকৃত জীৱনৰ জটিলতাৰ সৈতে সম্পৰ্ক থকা এক বিচক্ষণ শৃংখলা উপস্থাপন কৰাৰ দিশত আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা চলাইছো,” পৰিচালক সংকল্পজিৎ হাজৰিকাই কয়।
“ফিচাই দৈনন্দিন জীৱন সংগ্ৰামৰ ওপৰত মানুহৰ আৱেগ প্ৰদৰ্শন কৰে। এইটো এটা দলীয় প্ৰচেষ্টা য’ত বহুলোকে এক ৰোমাঞ্চকৰ ৱেব শৃংখলা উপস্থাপন কৰিবলৈ সহযোগিতা কৰিছে,” চিত্ৰনাট্যকাৰ প্ৰণৱ বৰুৱাই কয়।
হত্যা ৰহস্য এই শৃংখলাটোৰ বেকগ্ৰাউণ্ড সংগীত ৰচনা কৰিছে শিৱব্ৰত শৰ্মাই।
ৰীলড্ৰামা হৈছে এক সমৰ্পিত অ’টিটি (অভাৰ-দ্য-টপ) প্লেটফৰ্ম য’ত বহুতো অসমীয়া অনুষ্ঠান আছে। প্লেটফৰ্মত বিভিন্ন ধৰণৰ চলচ্চিত্ৰ, ৱেব শৃংখলা, সংগীত, কৌতুক, কবিতা, ৰন্ধন প্ৰণালী আৰু ভক্তিমূলক অনুষ্ঠান উপভোগ কৰিবলৈ পোৱা যায়।
কনমানিসকলৰ বাবে, ৰীলড্ৰামাৰ এটা সমৰ্পিত শিশু শাখা আছে য’ত এনিমেটেড নৈতিক কাহিনী আৰু বুঢ়ী আইৰ সাধু আছে। চলচ্চিত্ৰ নিৰ্মাণ বা হিন্দুস্তানী ধ্ৰুপদী কণ্ঠৰ কলা শিকিবলৈ ইচ্ছুক ব্যক্তিৰ বাবে, প্লেটফৰ্মটোৱে মাষ্টাৰক্লাছ চেচন আগবঢ়ায় যি হৈছে স্থানীয় ভাষাত নিৰ্দেশনা প্ৰদান কৰা এনেধৰণৰ প্ৰথম শৈক্ষিক শৃংখলা।
ইচ্ছুকসকলে www.reeldrama.comৰীলড্ৰামা ৱেবছাইট, গুগল প্লে ষ্টোৰ অথবা এপল এপ ষ্ট’ৰৰ পৰা ৰীলড্ৰামা এপ ডাউনলোড কৰি ইয়াৰ বিভিন্ন কাৰ্যক্ৰম উপভোগ কৰিব পাৰে। ৰীলড্ৰামা এপটো বিশ্বব্যাপী উপলব্ধ আৰু এপল টিভি, এণ্ড্ৰইড টিভি, এমাজন ফায়াৰষ্টিক আৰু ৰোকুতো উপলব্ধ।