• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী বিশ্ববিদ্যালয়ত আঞ্চলিক SAMARTH সহায়ক আৰু সমন্বয় কেন্দ্ৰ উদ্বোধন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2025 6:24 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ উচ্চ শিক্ষাৰ ডিজিটেলাইজেচনৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে গুৱাহাটী বিশ্ববিদ্যালয়ত আঞ্চলিক সমৰ্থ সহায়ক আৰু সমন্বয় কেন্দ্ৰ (আৰ এছ এছ চি চি), অসমৰ উদ্বোধন কৰে। বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সমন্বয় ভৱন চৌহদত অনুষ্ঠিত উক্ত অনুষ্ঠানত অসমৰ উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ তথা উচ্চ শিক্ষা সঞ্চালক, এ চি এছ বিষয়া পমি বৰুৱাও উপস্থিত থাকে।

উদ্বোধনী ভাষণত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে আঞ্চলিক সমৰ্থ সহায়ক আৰু সমন্বয় কেন্দ্ৰ (আৰ এছ এছ চি চি) স্থাপন কৰি অসমৰ শিক্ষাক্ষেত্ৰত এক সুদৃঢ় ভেটি প্ৰদান কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়লৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

তেওঁ ৰাজ্যখনৰ উচ্চ শিক্ষাৰ পৰিবৰ্তনত SAMARTH ৰ দৰে গতিশীল চফট্ৱেৰৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে, “নিৰ্ভৰযোগ্য তথ্যৰ অনুপস্থিতিয়ে দীৰ্ঘদিন ধৰি ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ আৰু নীতি ৰূপায়ণত বাধাৰ সৃষ্টি কৰি আহিছিল আৰু আজি তাৰ সমাধানৰূপে উক্ত পদক্ষেপ গ্ৰহণ কৰিছোঁ “। তেওঁ SAMARTH ক উচ্চ শিক্ষা ব্যৱস্থাপনাত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ ডিজাইন কৰা ই-গভৰ্নেন্স প্লাটফৰ্ম বুলি অভিহিত কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই তেওঁৰ ভাষণত গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসমৰ উচ্চ শিক্ষাৰ পৰিবৰ্তনৰ দিশত SAMARTH ৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ ওপৰত দৃষ্টিপাত কৰে।

অধ্যাপক মহন্তই মন্তব্য কৰে যে, “সমৰ্থ কেৱল কাৰ্যকৰীকৰণৰ আহিলা নহয়, ই উচ্চ শিক্ষাৰ দক্ষতা আৰু উদ্ভাৱনৰ দিশত  গ্ৰহণ কৰা এক বহুমুখী পদক্ষেপ।” তেওঁ এই প্লাটফৰ্মৰ বহুমুখী ক্ষমতাৰ বিষয়ে বিশদভাৱে আলোচনা কৰি কয় যে SAMARTH  ৰ জৰিয়তে এফিলিয়েচন মডিউল, ফাইল ব্যৱস্থাপনা, বিত্ত ব্যৱস্থাপনা, প্ৰকল্প ব্যৱস্থাপনা আৰু গৱেষণা ব্যৱস্থাপনা আদি জটিল প্ৰশাসনিক কামসমূহ সুশৃংখলিতভাবে পৰিচালিত হ’ব।

ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ তত্বাৱধানত বিকশিত হোৱা SAMARTH প্লাটফৰ্ম হৈছে উচ্চ শিক্ষানুষ্ঠানৰ বাবে নিৰ্মিত এক মুক্ত উৎস, ক্লাউড ভিত্তিক ই-গভৰ্নেন্স সমাধান। অসমত গুৱাহাটী বিশ্ববিদ্যালয়ত আৰ এছ এছ চি চি য়ে সমন্বয় আৰু কাৰিকৰী সহায়ৰ কেন্দ্ৰ হিচাপে কাম কৰিব, যাৰ ফলত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ মাজৰ পূৰ্বৰ বিভিন্ন সমস্যা সমাধান  কৰাত সুবিধা হ’ব।  নীতিগত সিদ্ধান্তসমূহৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ বাবে এই কেন্দ্ৰটোৱে নতুন দিল্লীৰ SAMARTH দল, উচ্চ শিক্ষা বিভাগ, আৰু উচ্চ শিক্ষানুষ্ঠানসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব।

২০২৩ চনৰ ২৩ এপ্ৰিলত স্থাপিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন আৰ এছ এছ চি চি য়ে সহায় আৰু সমন্বয়ৰ কেন্দ্ৰ হিচাপে কাম কৰিব । ২০২৫-২৬ বৰ্ষৰ স্নাতক নামভৰ্তিৰ পৰা আৰম্ভ কৰি এই কেন্দ্ৰটোৱে অসমৰ সকলো উচ্চ শিক্ষানুষ্ঠানতে ই-গভৰ্নেন্স প্লাটফৰ্ম SAMARTH e-Gov ৰ বিভিন্ন মডিউল প্ৰৱৰ্তনৰ বাবে সমন্বয় আৰু কাৰিকৰী সহায় আগবঢ়াব।

এই বছৰ আঠখন সংযুক্ত ৰাজ্যিক বিশ্ববিদ্যালয়, পাঁচখন অসংলগ্ন ৰাজ্যিক বিশ্ববিদ্যালয়, এখন সংযুক্ত কেন্দ্ৰীয় বিশ্ববিদ্যালয়, পোন্ধৰখন স্বায়ত্তশাসিত মহাবিদ্যালয় আৰু চাৰিখন ব্যক্তিগত বিশ্ববিদ্যালয় আৰু মুঠ ৫০৪খন মহাবিদ্যালয়-প্ৰাদেশিক আৰু ব্যক্তিগত উভয়কে কেন্দ্ৰীয় নামভৰ্তি পৰ্টেলত অনবৰ্ড কৰি SAMARTH প্লাটফৰ্মৰ জৰিয়তে ইউ জিৰ ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰা হৈছে।

২০২৩ চনৰ ১৪ জুনত SAMARTH Admission Portal আৰম্ভ হোৱাৰ পিছৰে পৰা এই প্লাটফৰ্ময়ে অসমত স্নাতক নামভৰ্তি সৰল কৰি তোলাত যথেষ্ট সহায় কৰিছে।  ২০২৫ চনৰ ১১ এপ্ৰিলত পঞ্জীয়নৰ বাবে লাইভ হোৱা এই পৰ্টেলটোৱে ছাত্ৰ-ছাত্ৰীসকলক অনলাইন ব্যৱস্থাৰ জৰিয়তে বি. এ, বি.কম, আৰু বি.এছ. চি পাঠ্যক্ৰমৰ বাবে আবেদন কৰিবলৈ সক্ষম কৰি তথা আবেদনৰ ভিত্তিত মেধা তালিকা প্ৰস্তুত কৰাত সহায় কৰি আহিছে।

আৰ এছ এছ চি চি প্ৰতিষ্ঠা অসমৰ উচ্চ শিক্ষা যাত্ৰাৰ এক নতুন অধ্যায় – য’ত সমৰ্থে দক্ষতা, স্বচ্ছতাৰ জৰিয়তে সমস্যা সমাধান কৰিব তথা ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰখনক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, শ্ৰেণী সচিব , অধ্যাপক-অধ্যাপিকা তথা কৰ্মচাৰীৰ উপৰিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পদে পদে মৃত্যুৰ ভয়, উদ্ধাৰৰ বাবে হাহাকাৰ – ৰাছিয়াৰ সেনাত আবদ্ধ ভাৰতীয় যুৱকৰ কাতৰ মিনতি

পদে পদে মৃত্যুৰ ভয়, উদ্ধাৰৰ বাবে হাহাকাৰ – ৰাছিয়াৰ সেনাত আবদ্ধ ভাৰতীয় যুৱকৰ কাতৰ মিনতি

September 11, 2025 2:10 pm
পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি: মাতৃৰ হাততে প্ৰাণ হেৰুৱালে কণমানিয়ে

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি: মাতৃৰ হাততে প্ৰাণ হেৰুৱালে কণমানিয়ে

September 11, 2025 2:01 pm
কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে প্ৰাচীন লিপি অধ্যয়নৰ চিন্তা চৰকাৰৰঃ প্ৰযুক্তিৰ সীমাবদ্ধতাক লৈ উদ্বিগ্ন বিশেষজ্ঞ সমাজ

কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে প্ৰাচীন লিপি অধ্যয়নৰ চিন্তা চৰকাৰৰঃ প্ৰযুক্তিৰ সীমাবদ্ধতাক লৈ উদ্বিগ্ন বিশেষজ্ঞ সমাজ

September 11, 2025 1:47 pm
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং! পুংখানুপুংখ তদন্তৰ দাবী কংগ্ৰেছ সাংসদৰ

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং! পুংখানুপুংখ তদন্তৰ দাবী কংগ্ৰেছ সাংসদৰ

September 11, 2025 1:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পদে পদে মৃত্যুৰ ভয়, উদ্ধাৰৰ বাবে হাহাকাৰ – ৰাছিয়াৰ সেনাত আবদ্ধ ভাৰতীয় যুৱকৰ কাতৰ মিনতি

পদে পদে মৃত্যুৰ ভয়, উদ্ধাৰৰ বাবে হাহাকাৰ – ৰাছিয়াৰ সেনাত আবদ্ধ ভাৰতীয় যুৱকৰ কাতৰ মিনতি

September 11, 2025 2:10 pm
পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি: মাতৃৰ হাততে প্ৰাণ হেৰুৱালে কণমানিয়ে

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি: মাতৃৰ হাততে প্ৰাণ হেৰুৱালে কণমানিয়ে

September 11, 2025 2:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd