NORTHEAST NOW (Assamese)

শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে হাফলঙত মুকলি ছেবাৰ মাণ্ডলিক কাৰ্যালয়

March 4, 2019 7:40 pm · পংকজ কুমাৰ দেব
ফটো : নৰ্থ-ইষ্ট নাও

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা ডিমা হাচাওৰ হাফলঙতো আজি মুকলি কৰা হয় অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ মাণ্ডলিক কাৰ্যালয়। কাৰ্যালয়টো মুকলি কৰে ডিমা হাচাও জিলাৰ ইন্সপেক্টৰ অব স্কুল তথা কাৰ্যালয়ৰ অধ্যক্ষা গায়ত্ৰী নাইডিঙে।

কাৰ্যালয় মুকলি অনুষ্ঠানত একাডেমিক কাউন্সিলৰ বিষয়ববীয়া সকল ক্ৰমে একাডেমিক কাউন্সিলৰ সদস্য সচিব তথা লাঙটিং হাইস্কুলৰ প্ৰধান শিক্ষক অসীম কুমাৰ দেব, হাফলং চৰকাৰী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ড০ ববিতা ইঙটিপি, সদস্য আফম ইকবালৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে, নৱম শ্ৰেণীৰ পঞ্জীয়ন, পৰীক্ষাৰ প্ৰৱেশ পত্ৰৰ শুধৰণি, মাৰ্ক শ্বিট আদিৰ কাম-কাজৰ বাবে দুৰণিবটীয়া ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল এতিয়াৰে পৰা গুৱাহাটী অহাৰ বিপৰীতে ছেবাৰ মাণ্ডলিক কাৰ্যালয়তে সকলো কাম সম্পন্ন কৰিব পাৰিব।

হাফলং ইন্সপেক্টৰ অব স্কুল চৌহদতে আজি ছেবাৰ মাণ্ডলিক কাৰ্যালয়টো মুকলি কৰা হয়।

Related News