ৰিলায়েন্স Jioৰ আকৰ্ষণীয় প্ৰিপেইড প্লেন; গ্ৰাহকৰ বাবে ৩.৫টকাত 1GBডাটা

WhatsApp Image 2020-09-12 at 12.17.14 PM

বৰ্তমানো সস্তা প্ৰিপেইড প্লেন আগবঢ়োৱাৰ ক্ষেত্ৰত শীৰ্ষত আছে Reliance Jio। আনকি ইয়াৰ এনে প্লেন আছে য’ত গ্ৰাহকক ৩.৫টকাত আগবঢ়োৱা হৈছে 1GBডাটা।

জিঅ’ৰ ৫৯৯টকীয় প্লেনটো অতি জনপ্ৰিয় প্লেন। ইয়াক সস্তীয় প্লেন বুলি ক’ব নোৱাৰি যদিও এতিয়া আপুনি 1GBডাটাৰ মৃল্য হিচাপত চাবলৈ গ’লে ইয়াত কম দামত গ্ৰাহকক অধিক অফাৰ দিয়া হৈছে।

কোম্পানীৰ ৫৯৯টকীয় প্লেনটোত গ্ৰাহকক মাত্ৰ ৩.৫৭টকাত 1GBডাটা দিয়া হৈছে। এই প্লেনত গ্ৰাহকক ৮৪ দিনৰ ভেলিডিটিৰ সময়ছোৱাত প্ৰতিদিনে 2GB ডাটা দিয়া হয়। অৰ্থাৎ এই প্লেনত গ্ৰাহকক মুঠ 168GB ডাটা দিয়া হয়।

তুলনামূলকভাৱে কোম্পানীটোৰ ৪৪৪টকীয়া প্লেনত গ্ৰাহকে 1GBডাটাৰ বাবে ৪টকা ভৰিবলগীয়া হয়। এই প্লেনৰ ভেলিডিটি ৫৬দিনৰ সময়ছোৱাত গ্ৰাহকে মুঠ112GBডাটা লাভ কৰে। গতিকে, ৫৯৯টকীয় প্লেনটোত গ্ৰাহকে সস্তাত অধিক ডাটা লাভ কৰে।

জিঅ’ৰ ৫৯৯টকীয় প্লেনটোত গ্ৰাহকক 2GB ডাটাৰ উপৰি আনলিমিটেড অন-নেট কলিং, অফ-নেট কলিঙৰ বাবে ৩,০০০মিনিট, দৈনিক ১০০এছএমএছ আৰু জিঅ’ এপছৰ ছাবস্ক্ৰীপশ্যন আগবঢ়োৱা হয়।

আনহাতে, এয়াৰটেলৰ ৫৯৮টকীয়া প্লেন আৰু ভোডাফোন আইডিয়াৰ ৫৯৯টকীয়া প্লেন দুটাৰ ভেলিডিটিও ৮৪দিনৰ যদিও এই দুয়োটা প্লেনতে দৈনিক 1.5GB ডাটাহে আগবঢ়োৱা হয়। এই দুয়োটা প্লেনতে গ্ৰাহকে 1GB ডাটাৰ বাবে খৰচ কৰিবলগীয়া হয় প্ৰায় ৪.৭৫টকা।