কুখ্যাত মাফিয়া বীৰপ্পনক মনত আছেনে ? লোকসভা নিৰ্বাচনত থিয় হ’ব বীৰপ্পনৰ কন্যা বিদ্যা ৰাণী

এটা সময়ৰ বিখ্যাত চন্দন কাঠৰ মাফিয়া বীৰপ্পনৰ কথা মনত আছেনে? এটা সময়ত তেওঁৰ ভয়ত সমগ্ৰ দেশ কঁপি উঠিছিল। কৰ্ণাটক আৰু তামিলনাডুত মাফিয়া, ডকাইতি আৰু হত্যাৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল বীৰপ্পনে।

এতিয়া সেই বীৰপ্পন নাই। বীৰপ্পনৰ কেতিয়াবাই মৃত্যু হৈছে। বীৰপ্পন নাথাকিলেও সামাজিক পৰিচিতি আছে বীৰপ্পনৰ কন্যা বিদ্যা ৰাণীৰ। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী বীৰপ্পনৰ কন্যা। তামিঝাৰ কাটজী নামৰ এটা দলৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে বিদ্যাই। 

যদিও পিতৃ চন্দনৰ মাফিয়া, ৩৩ বছৰীয়া কন্যা বিদ্যা পেছাত এগৰাকী অধিবক্তা। তেওঁ বাংগালুৰুত অধ্যয়ন কৰিছিল। বৰ্তমান তেওঁ কৃষ্ণগিৰিতো এখন বিদ্যালয় চলাই আছে। ২০২০ চনৰ জুলাই মাহত তেওঁ বিজেপিত যোগদান কৰিছিল। 

তেওঁক তামিলনাডুৰ যুৱ শাখাৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হয়। অৱশ্যে শেহতীয়াকৈ তেওঁ বিজেপি এৰি অভিনেতা-পৰিচালক সীমানৰ তমিঝাৰ কাটজী নামৰ দলত যোগদান কৰে।

সীমানে দেওবাৰে আগন্তুক লোকসভা নিৰ্বাচনত তামিলনাডু আৰু পুডুচেৰীৰ ৪০টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰে। তেওঁ কয় যে এন টি কেয়ে কৃষ্ণগিৰিৰ পৰা বিদ্যা ৰাণীক মনোনীত কৰিছে।

যদিও বিদ্যা ৰাণী বীৰপ্পনৰ জীয়ৰী, কিন্তু বিদ্যা ৰাণীয়ে কয় যে তেওঁ পিতৃক এবাৰহে লগ পাইছিল। ২০২০ চনত দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে এদিন কাৰোবাৰ ঘৰত খন্তেক সময়ৰ বাবে দেউতাকক লগ পাইছিল। সেয়াই  আছিল পিতৃৰ সৈতে প্ৰথম আৰু শেষ সাক্ষাৎ। 

উল্লেখ্য যে বিদ্যা ৰাণীৰ মাতৃ মুথুলক্ষ্মীও ৰাজনীতিৰ লগত জড়িত।

প্ৰসংগক্ৰমে ‘চন্দনন্দস্যু’ হিচাপে খ্যাত বীৰপ্পানৰ তামিলনাডু আৰু কৰ্ণাটকক সামৰি এক বৃহৎ সাম্ৰাজ্য আছিল। ২০০৪ চনৰ ১৮ অক্টোবৰত তামিলনাডু বিশেষ টাস্ক ফ’ৰ্চে বীৰপ্পানক হত্যা কৰিছিল।