অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেত্ৰী জ্ঞানদা কাকতিৰ বুধবাৰে নিশা শ্বিলঙৰ বেথানি হাস্পাতালত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৩ বছৰ।
১৯৪৯ চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল অভিনেত্ৰী কাকতিয়ে। পূবেৰুণ ছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰা কাকতিয়ে ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোসৎৱত অংশগ্ৰহণ কৰিছিল।
উল্লেখ্য যে ১৯৫৯ চনৰ পূবেৰুণত কৰা অভিনয়ৰ বাবে তেওঁ দৰ্শকৰ মাজত জনপ্ৰিয় হয়। ১৯৬০ চনৰ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত পূবেৰুণ প্ৰদৰ্শিত হয়। জ্ঞানদা কাকতিয়ে অসমীয়াৰ উপৰিও বঙালী ছবিতো অভিনয় কৰিছে।
১৯৪৯ চনত মুক্তি লাভ কৰা পাৰঘাট ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ দৰ্শকৰ প্ৰশংসা লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ পিয়লি ফুকন, সৰাপাত, লখিমী, ৰঙা পুলিচ, পূবেৰুণ, চাকনৈয়া, প্ৰথম ৰাগিনী, পুৱতি নিশাৰ সপোন, নৰকাসুৰ, ওপৰ মহলা, শেষ বিচাৰ, প্ৰিয়জন, ৰাগ-বিৰাগ আদিৰ দৰে জনপ্ৰিয় আৰু ভিন্নসুৰী ছবিত অভিনয় কৰে।
১৯৩২ চনত অবিভক্ত অসমৰ শ্বিলঙত জ্ঞানদা কাকতিৰ জন্ম হয়। তেওঁ পিতৃ আছিল দেৱেন দাস আৰু মাতৃ বিৰজা দাস। তেওঁৰ স্বামীৰ নাম আছিল লোহিত কাকতি।
জ্ঞানদা কাকতি আকাশবাণী গুৱাহাটী আৰু শ্বিলং কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী আছিল। দুয়োটা কেন্দ্ৰতে গীত পৰিৱেশন কৰাৰ লগতে তেওঁ গ্ৰামোফোন ৰেকৰ্ডতো গীত বাণীবদ্ধ কৰিছে।
২০০২ চনত তেওঁ অসম চৰকাৰৰ বিষ্ণুৰাভা বঁটা লাভ কৰে। অসম চৰকাৰৰ ৰাজ্যিক শিল্পী পেন্সন, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা আৰু শিল্পীপ্ৰাণ চন্দ্ৰ ফুকন বঁটাও লাভ কৰিছিল।