এই শঠতা আৰু ভণ্ড সময়ত অসমত, গুৱাহাটীত এতিয়াও কিবা সম্ভাৱনা আছেনে? কিবা ব্যতিক্ৰমী প্ৰচেষ্টা বৰ্তি আছেনে? আমাৰ মাজত কিবা এটা ৰৈছেগৈ নে? শনিবাৰে পুৱা বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত হোৱা অমলেন্দু গুহৰ জন্মশতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত যোগদান কৰি এনে লাগিছে এতিয়াও যেন অসমীয়াৰ সকলোখিনি শেষ হৈ যোৱা নাই।
অনুষ্ঠানটো কাৰ্যসূচী অনুযায়ী ঠিক ১১ বজাতে আৰম্ভ হৈছিল।এনে অনুষ্ঠানত যিধৰণৰ আনুষ্ঠানিকতাৰ প্ৰয়োজন সেই আনুষ্ঠানিকতাখিনিও তাত আছিল। তিনিটা কথা লক্ষ্য কৰিবলগীয়া আছিল। প্ৰথম,অসমীয়াৰ প্ৰগতিশীল, গণতান্ত্ৰিক চেতনাসম্পন্ন আৰু ইতিহাস অনুৰাগী অংশটোৱে অমলেন্দু গুহক কেনেভাৱে লৈছিল? দ্বিতীয়, কালিৰ অনুষ্ঠানটোলৈ ৰাইজৰ সঁহাৰি কেনেকুৱা আছিল আৰু তৃতীয়, সামৰণি অনুষ্ঠানত ঐতিহাসিক উপিন্দৰ সিঙে দিয়া বক্তৃতাটো কেনে আছিল?
অমলেন্দু গুহক যে প্ৰগতিশীল আৰু গণতান্ত্ৰিক চেতনাসম্পন্ন অসমীয়াই অতি শ্ৰদ্ধা আৰু সন্মানৰ চকুৰে চাইছিল তাৰ প্ৰমাণ তেখেতৰ স্মৃতিত অসমৰ বিভিন্ন শিক্ষানুষ্ঠানত অমলেন্দু গুহৰ শতবৰ্ষ অনুষ্ঠানৰ আয়োজন। প্ৰথম অনুষ্ঠানটোৰ আয়োজন কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগে। বাহ্ কি সাহসী আৰু সময়োপযোগী বক্তৃতা দিছিল ঐতিহাসিক আদিত্য মুখাৰ্জীয়ে। তাৰমানে অসমীয়াৰ এটা অংশই অমলেন্দু গুহক পাহৰা নাই। নাপাহৰে।
কালিৰ অনুষ্ঠানটোলৈ গুৱাহাটীৰ ৰাইজৰ সঁহাৰি আছিল বিপুল। সময়ৰ আগতে সভাঘৰ ভৰি পৰিছিল। প্ৰগতিশীল, গণতান্ত্ৰিক আৰু ইতিহাস অনুৰাগী সকল হিলদল ভাঙি সভালৈ আহিছিল, আগ্ৰহ আৰু আন্তৰিকতাৰে। আশাব্যঞ্জক কথা আছিল সভাখনত নতুন পুৰুষ আৰু শিক্ষাৰ্থী সকলৰ উপস্থিতি। ভাল চিন্তা কৰা মানুহবোৰ দেখিবলৈও ধুনীয়া নেকি? ধুনীয়াৰ প্ৰতি সদায় মোৰ এক দুৰ্বলতা। শিক্ষাৰ্থী সকলৰ উপস্থিতি অইন এটা দিশৰ পৰাও গুৰুত্বপূৰ্ণ আছিল। সেইটো মই অলপ পিছত উল্লেখ কৰিম।
তাৰপিছত আহিল আচল কথাটো। Cultural Confluence In Ancient India বিষয়ক উপিন্দৰ সিঙৰ বক্তৃতাটো। আজিকালি গীত এটা শুনা, প্ৰবন্ধ এটা পঢ়া, নাটক এখন চোৱা, বক্তৃতা এটা শুনাৰ আগতে (অন্যান্য ক্ষেত্ৰতো) মোৰ মনলৈ এটা দুৰ্ভাৱনা আহে। মই ভাবোঁ মই বিচৰা খোৰাক পামতো। ব্যক্তিজন অচিনাকি হ’লে এই দুৰ্ভাবনা বাঢ়ি যায়। চিনাকি হ’লে, দুশ্চিন্তা, তেওঁ তেওঁৰ আগৰ সুনাম ৰক্ষা কৰিব পাৰিবতো? তেনে এক উৎকন্ঠা আৰু দুৰ্ভাৱনাৰে উপিন্দৰ সিঙৰ বক্তৃতা শুনিবলৈ মই ৰৈ আছিলোঁ।
কিন্তু উপিন্দৰ সিঙে আমাক ক’লৈ লৈ গৈছিল? চমুকৈ ক’বলৈ হ’লে উপিন্দৰ সিঙে তেওঁৰ বক্তৃতাত খৃষ্টপূৰ্ব ২০০ আৰু ৩০০ খৃষ্টাব্দত মধ্য এচিয়াৰ পৰা অহা আক্ৰমণকাৰী আৰু বেপাৰীসকলে কেনেকৈ তেওঁলোক আৰু আমাৰ (ভাৰত) মাজত সাংস্কৃতিক আদান-প্ৰদানৰ জন্ম দিছিল, প্ৰত্নতাত্ত্বিক অধ্যয়নৰ যোগেদি আমি প্ৰাক-আধুনিক যুগৰ ভাৰতীয় বণিকসকলৰ আন্তৰ্জাতিক বাণিজ্যৰ বিষয়ে কি শিকিব পাৰোঁ, বেহা-বেপাৰে কেনেকৈ ভ্ৰমণ আৰু অন্য ধৰণে ভাৰতৰ লগত বিভিন্ন ধৰণৰ আদান-প্ৰদানৰ সূচনা কৰিছিল আৰু ব্ৰাহ্মণসকলৰ পৰিভ্ৰমণে দেশৰ ভিতৰে-বাহিৰে কি সাংস্কৃতিক সংমিশ্ৰণৰ জন্ম দিছিল সেইবোৰ কথা অতি সুন্দৰকৈ দাঙি ধৰিছিল।
কিন্তু ‘ধৰ্মশাস্ত্ৰ’ আৰু ‘মনুস্মৃতি’ত কিয় বিদেশ যাত্ৰা নিষেধ কৰা হৈছিল আৰু বিদেশৰ পৰা অহা লোকক কিয় পৰাচিত হ’ব লাগে বুলি কোৱা হৈছিল। উপিন্দৰ সিঙে কৈছে যে ‘ধৰ্মশাস্ত্ৰ’ আৰু ‘মনুস্মৃতি’ মানুহৰ বাস্তৱ জীৱনৰ প্ৰতিফলন নাছিল। তাত এক আদৰ্শ সমাজৰ কথাহে কোৱা হৈছিল। সেই আদৰ্শ সমাজখনৰ হোতা আছিল ব্ৰাহ্মণসকল আৰু ব্ৰাহ্মণ্যবাদী চিন্তাৰ সমৰ্থক সমাজৰ সম্ভ্ৰান্ত অংশটো। তেওঁলোকে পুৰণি হিন্দু সমাজখনক এখন নিৰ্ভেজাল, বিশুদ্ধ, পূৰ্ণাঙ্গ আৰু আদৰ্শ সমাজ হিচাবে দেখুৱাব বিচাৰিছিল। মানে সকলো দিশতে ভাৰতেই শ্ৰেষ্ঠ। ভাৰততে সকলো আছিল। যিটো ভাৰতত নাছিল সেইটো ক’তো নাছিল।
বক্তৃতাৰ আৰম্ভণিতে বিখ্যাত পণ্ডিত আৰু পৰিব্ৰাজক অল-বাৰুণিৰ কিতাপৰ উদ্ধৃতি দি তেওঁ এই কথাটো কৈছিল আৰু অজস্ৰ তথ্য-পাতি আৰু প্ৰমাণেৰে প্ৰতিপন্ন কৰিছিল যে ভাৰতৰ সেই সময়ৰ বাস্তৱ সমাজখন কিন্তু তেনে নাছিল। সি আছিল ৰাজনৈতিক আক্ৰমণ, প্ৰত্যাক্ৰমণ, বেহা-বেপাৰ আৰু ভ্ৰমণ-পৰিভ্ৰমণৰ যোগেদি গঢ়ি উঠা এখন সংমিশ্ৰিত সমাজ। তাৰমানে কি হ’ল? এতিয়া হিন্দুত্ববাদী সকলে কৈ থকা কথাবোৰ উপিন্দৰ সিঙৰ পাণ্ডিত্যপূৰ্ণ বক্তৃতাটোৱে নস্যাৎ নকৰিলেনে? উপিন্দৰ সিঙৰ বক্তৃতাই হিন্দুত্ববাদী সকলৰ ইতিহাস ব্যাখ্যাই যে নস্যাৎ কৰিছে তেনে নহয় তাৰ লগতে কেৱল শ্ৰেণীৰ দৃষ্টিভংগীৰ যে ইতিহাসৰ ব্যাখ্যা সম্ভৱ নহয় সেইটোও তেওঁ দাঙি ধৰিছে।
গোহাঁই চাৰে সভাপতিত্ব কৰা আৰু অখিলে পৰিচালনা কৰা অনুষ্ঠানটো বেছ গাম্ভীৰ্যপূৰ্ণ আছিল। সম্বৰ্ধনা পৰ্বটো অলপ কমোৱা হ’লে অনুষ্ঠানটি সোণত সুৱগা হ’লহেঁতেন। এই গোটেই উদ্যোগটোৰ বাবে আমি কাক অভিনন্দন জনাব লাগে? নিত্যদাক(নিত্য বৰা) আৰু তেওঁৰ লগত সহযোগিতা কৰা সকলক।