কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ দেহাৱসান

Untitled-1 copy (21)

অসমৰ এগৰাকী সুকণ্ঠি গায়িকা কোকিলকণ্ঠী হিচাপে পৰিচিত দীপালী বৰঠাকুৰৰ আজি দেহাৱসান ঘটে। মহানগৰৰ নেমকেয়াৰ হাস্পতালত দিনৰ ১.২৫ বজাত বৰঠাকুৰে শেষ নিশ্বাস ত্যাগ কৰে।

বিগত এসপ্তাহ ধৰি নেমকেয়াৰ হাস্পাতালত কণ্ঠশিল্পীগৰাকী চিকিৎসাধীন হৈ আছিল। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি শিল্পীগৰাকী অসুস্থ হৈ আছিল।

মৃত্যুৰ সময়ত প্ৰথিতযশা কণ্ঠশিল্পীগৰাকীৰ বয়স আছিল ৭৭ বছৰ। মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে স্বামী প্ৰথিতযশা চিত্ৰশিল্পী নীলপৱন বৰুৱাকে ধৰি আত্মীয় স্বজন তথা অজস্ৰ গুণমুগ্ধক এৰি থৈ যায়।

অসমৰ প্ৰতিজন সংগীত প্ৰেমীৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ মৃত্যুৱে সকলোকে শোকস্তব্ধ কৰি তুলিছে। দীপালী বৰঠাকুৰৰ কণ্ঠত বহু যুগজয়ী গীতে প্ৰাণ পাই উঠিছিল।

স্বনামধন্য সুৰীয়া কণ্ঠৰ অনন্য প্ৰতিভাশালী শিল্পীগৰাকীৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। বৰঠাকুৰৰ মৃত্যু অসমৰ কলা-সংস্কৃতিৰ জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে মুখ্য মন্ত্ৰীগৰাকীয়ে।

আনহাতে, শিল্পীগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সংবাদ মাধ্যমৰ লগতে গুণমুগ্ধসকলে হাস্পাতলত ভিৰ কৰিছেহি।