বিশিষ্ট কণ্ঠশিল্পী ঋষিৰাজ শৰ্মাৰ পৰলোকপ্ৰাপ্তি; শোকাহত সাংস্কৃতিক জগত

বিশিষ্ট কণ্ঠিশিল্পী সুদক্ষিণা শৰ্মাৰ পুত্ৰ ঋষিৰাজ শৰ্মা আৰু নাই। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ঋষিৰাজে।

প্ৰয়াত গণশিল্পী দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ সুসন্তান ঋষিৰাজ দীৰ্ঘদিন ধৰি বৃক্কৰোগত আক্ৰান্ত হৈ আছিল। শেহতীয়াকৈ বৃক্ক সংৰোপন কৰাৰ পিছত তেওঁ কিছু পৰিমাণে সুস্থও হৈছিল। শনিবাৰে হোটেল ৰেডিশ্বনত তেওঁ অনুষ্ঠানো পৰিৱেশন কৰিছিল।

লগতে পঢ়ক: ৰাজতন্ত্ৰ বিৰোধী বিক্ষোভ; ৰজা চাৰ্লছৰ ৰাজ অভিষেকৰ পূৰ্বে লণ্ডনত ৫২জনক গ্ৰেপ্তাৰ

দেওবাৰে হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ৰাতিপুৱা ৭ বাজি ৩০ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কণ্ঠশিল্পীগৰাকী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা বুলি জানিব পৰা গৈছে।

সংগীত সাধনা কৰাৰ লগতে ঋষিৰাজ শৰ্মা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল। মাতৃ সুদক্ষিণা শৰ্মাৰ সৈতেও বহু গীত গাইছিল ঋষিৰাজে। ঋষিৰাজৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক ক্ষতি।