প্ৰতিথযশা কথাশিল্পী ড° প্ৰণৱজ্যোতি ডেকাৰ দেহাৱসান

অসমীয়া সাহিত্যৰ পথাৰখন উকা কৰি মেলানি মাগিলে অসমীয়া সাহিত্যক তথা শিক্ষাবিদ ড° প্ৰণৱজ্যোতি ডেকাই৷আজি দিনৰ ১১ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ড° ডেকাই৷মৃত্যুৰ সময়ত সাহিত্যকজনৰ বয়স আছিল ৮৫বছৰ৷বিগত বৰ্ষত ড° ডেকাক তেখেতৰ গল্পসংকলন ‘প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প’ৰ  বাবে সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছিল৷

উল্লেখ্য যে, ১৯৩৯ চনৰ ২১ জুলাইত কলকাতাত প্ৰণৱ জ্যোতি ডেকাৰ জন্ম হৈছিল।ডেকাৰ পিতৃ আছিল প্ৰথমজন অসমীয়া ন্যায়াধীশ হলিৰাম ডেকা।ড° প্ৰণৱজ্যোতি ডেকাই ১৯৫৫ চনত গুৱাহাটীস্থ ড’নবস্কৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। তদুপৰি ডেকাই কটন কলেজ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰি অৰ্থনৈতিক ভূ-তত্ব বিষয়ত লেনিনগ্ৰাড খনি বিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

বিশিষ্ট সাহিত্যকজনৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল – সেয়েহে কৈলাশনাথ, একুৰ বছৰৰ গল্প, এজাক এলেহুৱা কাউৰীৰ সাধু, বেৱাৰিছ লাছ আৰু অন্য গল্প,বিহুৱতী চৰাই আৰু অন্য গল্প আদি…অন্যহাতে, পৰমেশ্বৰ আছে নাই, চৰ্যাগীত আৰু বৌদ্ধ তন্ত্ৰ, ধৰ্মৰ প্ৰাণতত্ত্ব, Nilachal Kamakhya: Her History and Tantra, Scientific Evidence for Vedic Astrology, ৰত্নজ্যোতিষ আৰু বিজ্ঞান, Century old Castes, Tribes and Guild, জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী, ৰূপোপজীৱিনী বনাম দেহোপজীৱিনী আদি ডেকাৰ উল্লেখযোগ্য প্ৰবন্ধ সংকলন।