• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ এগৰাকী বিশিষ্ট চাহ উদ্যোগী, সমাজকৰ্মী ধীৰাজ কাকতিৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2023 12:32 pm
প্ৰয়াত ধীৰাজ কাকতি। ফাইল ফটো।

প্ৰয়াত ধীৰাজ কাকতি। ফাইল ফটো।

130
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ এগৰাকী বিশিষ্ট চাহ উদ্যোগী, সমাজকৰ্মী ধীৰাজ কাকতিৰ বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি ঘটিছে। গুৱাহাটীৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন অৱস্থাত আবেলি ৪.৪৫ তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৬৭ বছৰ।

কাকতি শ্বাস-প্রশ্বাসজনিত সমস্যাত ভুগি বিগত প্রায় পাঁচদিন ধৰি হাস্পতালখনত চিকিৎসাধীন হৈ আছিল। তেওঁ যোৱা বছৰ ক’ভিডতো আক্ৰান্ত হৈছিল।

বিশিষ্ট ভাষাবিদ, গবেষক-পণ্ডিত ড০ বাণীকান্ত কাকতিৰ নাতিয়েক তথা অসমৰ প্রাক্তন আৰক্ষী সঞ্চালক প্ৰধান প্ৰয়াত দেৱকান্ত কাকতিৰ পুত্র ধীৰাজ কাকতিয়ে শ্বিলঙত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।

পৰৱৰ্তী সময়ত তেওঁ ইণ্ডিয়ান টি এছ’চিয়েচনৰ সচিব হিচাপে যোগদান কৰিছিল। বিগত ৪০ বছৰ ধৰি অসমৰ চাহ উদ্যোগৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত কাকতিয়ে অৱসৰ গ্ৰহণৰ পাছতো টাটা টিৰ এটা প্রকল্পৰ সৈতে জড়িত আছিল।

কাকতি  ছাউথ গুৱাহাটী ৰ’টাৰী ক্লাব আৰু প্রাগজ্যোতি সাংস্কৃতিক প্রকল্পৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। তেওঁ মহানগৰীৰ উলুবাৰীৰ বৈদ্যুতিক শ্মশান নিৰ্মাণত পৌৰ নিগমৰ সৈতে সক্ৰিয় সহযোগিতা আগবঢ়াইছিল। তেওঁ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।

মহানগৰীৰ জাপৰিগোগ নিবাসী কাকতিয়ে মৃত্যুৰ সময়ত পত্নী কল্পনা কাকতি, দুই কন্যা অৰিজিতা কাকতি আৰুবিনীতা কাকতিৰ লগতে পৰিয়ালৰ লোক তথা বহু আত্মীয় স্বজনক এৰি থৈ গৈছে।

গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত কাকতিৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ কন্যাই মুখাগ্মি কৰে। বিশিষ্ট সমাজকৰ্মীগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd