বিবাহ বিচ্ছেদৰ দিশে আগবাঢ়িছে কিংবদন্তি বক্সাৰ মেৰী কম! জানিব পৰা মতে, প্ৰায় ২০ বছৰীয়া দাম্পত্যত স্বামী কাৰুং অনলাৰৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হোৱাৰ উপক্ৰম হৈছে। দেশৰ ক্ৰীড়াপ্ৰেমীৰ মাজত তেওঁলোকৰ প্ৰেম কাহিনী যথেষ্ট জনপ্ৰিয় আছিল। ইতিমধ্যে দুয়ো পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিছে।
মেৰী আৰু অনলাৰৰ বিবাহ বিচ্ছেদৰ কাৰণ হিচাপে আৰ্থিক সমস্যাৰ কথা উঠিছে। আনকি মেৰীৰ জীৱনত নতুন পুৰুষৰ আগমনৰ খবৰো শুনা গৈছে।
২০০০ চনত দিল্লীত প্ৰথম দেখাদেখি মেৰী আৰু অনলাৰৰ। দুয়োৱে প্ৰথম লগ পোৱাৰ আগতে মেৰীৰ বেগটো চুৰি হৈছিল। অনলাৰে সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। সেই কথা-বতৰা প্ৰেমলৈ পৰিণত হ’বলৈ বেছি সময় নালাগিল।
২০০৫ চনত তেওঁলোকৰ বিবাহ হয়।২০০৭ চনত মেৰীয়ে যমজ সন্তান জন্ম দিয়ে। ২০১২ চনৰ অলিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে। জনপ্ৰিয় দম্পতীহালে ২০১৩ চনত আন এজন পুত্ৰ সন্তান জন্ম দিয়ে। তেওঁলোকৰ এটা দত্তক পুত্ৰও আছে। তাৰ পিছত মেৰীয়ে বক্সিং এৰিব বিচাৰিলেও অনলাৰেই হেনো মেৰীক অহৰহ উৎসাহিত কৰিছিল।
খবৰ ওলাইছে যে সেই সম্পৰ্ক ভাঙিবলৈ ওলাইছে। জানিব পৰা মতে, মেৰীয়ে বৰ্তমান চাৰিটা সন্তানৰ সৈতে ফৰিদাবাদত বাস কৰে। আনহাতে অনলাৰ থাকে দিল্লীত। আৰু দুয়োৰে মাজৰ সমস্যাটো প্ৰায় তিনি বছৰ ধৰি চলি আছে। ইয়াৰ কাৰণ হ’ল ২০২২ চনৰ আগন্তুক মণিপুৰ নিৰ্বাচন।
তেওঁলোকৰ ঘনিষ্ঠ সূত্ৰই সৰ্বভাৰতীয় এক সংবাদ মাধ্যমক জনাইছে যে, “মণিপুৰ নিৰ্বাচনত অনলাৰৰ পৰাজয়ত প্ৰায় ২-৩ কোটি টকা লোকচান হৈছিল। এই কথাত মেৰী যথেষ্ট অসন্তুষ্ট আছিল। প্ৰথম অৱস্থাত অনলাৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিচৰা নাছিল। কিন্তু মেৰীয়ে তেওঁক কোনোমতে বাধ্য কৰাইছিল।”
কিন্তু সমস্যা ইয়াতেই শেষ নহয়। কোৱা হৈছে যে মেৰীৰ জীৱনত আন এজন পুৰুষৰ প্ৰৱেশ ঘটিছে। তেওঁ আকৌ আন এজন বক্সাৰৰ স্বামী। শেহতীয়াকৈ তেওঁৰ সৈতে ইনষ্টাগ্ৰামত ইখনৰ পিছত সিখনকৈ ছবিও পোষ্ট কৰি আহিছে। তাকে লৈ আৰু জল্পনা-কল্পনা বাঢ়িছে।
এই সূত্ৰটোৱে লগতে কয়, “অনলাৰে মেৰী আৰু তেওঁৰ সন্তানৰ বাবে সকলো দিছিল, নিজৰ ফুটবল কেৰিয়াৰো ত্যাগ কৰিছিল। তেওঁ কিমান সহায় কৰিছিল সেয়া সকলোৱে জানে। এতিয়া তেওঁ নিজৰ সন্তানক লগ কৰিবলৈও যাব পৰা নাই। গোটেই ঘটনাটোত বিধ্বস্ত হৈ পৰিছে অনলাৰ।”