ফোন টেপিং বিতৰ্ক: NSOই সাময়িকভাৱে ব্লক কৰিলে বিশ্বৰ কেইবাখনো চৰকাৰৰ ক্লায়েন্টৰ পেগাছাছৰ এছেছ

5447a760-f0f6-11eb-9f30-df0bb5c882fe_1627670593239

ইজৰাইলৰ স্পাইৱেৰ ছফটৱেৰ কোম্পানী NSO গ্ৰুপে সম্ভাৱ্য অপব্যৱহাৰৰ অনুসন্ধানৰ সময়ত বিশ্বৰ কেইবাখনো দেশৰ চৰকাৰৰ ক্লায়েন্টে ব্যৱহাৰ কৰা পেগাছাছ স্পাইৱেৰ সাময়িকভাৱে ব্লক কৰি দিছে।

বাতৰি অনুসৰি, ইজৰাইলৰ চৰকাৰী সংস্থাই বুধবাৰে NSO গ্ৰুপৰ একাংশ কাৰ্যালয়ত তালাচী চলোৱাৰ পাছত কোম্পানীটোৰ বিৰুদ্ধে অপব্যৱহাৰৰ অবিযোগৰ এক তদন্ত আৰম্ভ কৰিছিল।

NSO ৰ পেগাছাছ স্পাইৱেৰ সাংবাদিক, মানৱ অধিকাৰ কৰ্মী, ৰাষ্ট্ৰৰ মুৰব্বীকে ধৰি বিভিন্নজনৰ টেলিফোন হেক কৰি চোৰাংচোৱাগিৰি কৰাত ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।

বাতৰিত কোৱা হৈছে যে একাংশ ক্লায়েন্টৰ ওপৰত তদন্ত আৰম্ভ কৰা হৈছে আৰু ইয়াৰে কিছুমানক সাময়িকভাৱে নিলম্বিত কৰি ৰখা হৈছে।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰনৰ বিৰুদ্ধে স্পাইৱেৰ ব্যৱহাৰ কৰাৰ বাতৰি ওলোৱাৰ পাছতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী বেনি গেন্টজে বুধবাৰে পেৰিচত উপস্তিত হয়।

গেন্টজে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্ল’ৰেন্স পাৰ্লিক জনায় যে ইজৰাইলে বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে।

উল্লেখ্য যে বিশ্বজুৰি জোকাৰণিৰ সৃষ্টি কৰা ইজৰাইলৰ স্পাইৱেৰ পেগাছাছৰ ফোন টেপিং বিতৰ্কৰ মাজতে ইজৰাইলৰ চৰকাৰে এই বিষয়ত অনুসন্ধান কৰিবলৈ টাস্ক ফোৰ্চ গঠন  কৰিছিল।

ইয়াৰ পিছতে NSO (Niv, Shalev and Omri, কোম্পানীটোৰ তিনি প্ৰতিষ্ঠাপকৰ নামেৰে ৰখা হৈছে এই নাম) ৰ কাৰ্যালয়ত ইজৰাইলৰ চৰকাৰে শেহতীয়াকৈ তালাচী চলাইছিল।

ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগে NSO ৰ কাৰ্যালয়ত তালাচী চলোৱাৰ পিছতে কোম্পানীটোৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল যে চৰকাৰৰ এনে তালাচীয়ে কোম্পানীটো সন্দৰ্ভত সৃষ্টি হোৱা ভুল ধাৰণা আঁতৰ কৰাত সহায় কৰিব।

কোম্পানীটোৱে যে কোনো জালিয়াতিৰ আশ্ৰয় লোৱা নাই সেই কথা এই তালাচীতেই প্ৰমাণ হ’ব বুলিও বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছিল।

উল্লেখ্য ইজৰাইলৰ এখন চাইবাৰ ফাৰ্মে যোগান ধৰা স্পাইৱেৰ পেগাছাছৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশত ফোন টেপিঙৰ অভিযোগ উঠিছে।

কেৱল ভাৰততে ৩০০ ৰো অধিক ফোন টেপ কৰা হৈছিল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰো বহু লোকৰ ফোন টেপ কৰাৰ কথা পোহৰলৈ আহিছিল।

ইয়াৰ পৰিপ্ৰেক্ষিততে সমগ্ৰ বিশ্বতে ইজৰাইলক বহুতে সন্দেহৰ দৃষ্টিৰে চাবলৈ লৈছে।

ফ্ৰান্সৰ Le Monde কাকতত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ইজৰাইলৰ প্ৰতিষ্ঠানটোৱে পেগাছাছ স্পাইৱেৰ বিশ্বৰ আন দেশক বিক্ৰী কৰাৰ ক্ষেত্ৰত ইজৰাইলৰ চৰকাৰৰ সৈতে কোনো চুক্তি কৰা নাছিল।

সেই দিশৰ পৰা পেগাছাছ বিতৰ্কৰ সৈতে ইজৰাইলৰ চৰকাৰ পোনপটীয়াকৈ জৰিত নহয়।

চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত ইজৰাইল চৰকাৰৰ সৈতে বিশ্বৰ বহু কেইখন দেশে ইতিমধ্যে চুক্তি কৰি থৈছে বুলিও কাকত খনত প্ৰকাশ পাইছিল।

সেইবাবেই পেগাছাছ বিতৰ্কত এতিয়া স্বাভাৱিকতে অস্বস্তিত পৰিছে ইজৰাইলৰ চৰকাৰ। NSO কাৰ্যালয়ত চলোৱা তালাচীত কেনে তথ্য উদ্ধাৰ হ’ল সেই বিষয়ত ইজৰাইলৰ চৰকাৰে এতিয়ালৈকে তথ্য ৰাজহুৱা কৰা নাই।