NORTHEAST NOW (Assamese)

শোক সহ্য কৰিব নোৱাৰিয়েই মৃত্যুক সাৱটিলে সুশান্ত সিং ৰাজপুতৰ বৌৱেকে!

June 16, 2020 7:30 am · এন ই নাও নিউজ
সুশান্ত সিং ৰাজপুত। ফাইল ফটো

বলীউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাই গোটেই দেশতে শোকৰ সৃষ্টি কৰিছে।

সুশান্তৰ এনে মৰ্মান্তিক বিদায়ক সহজভাৱে মানি ল’ব পৰা নাছিল তেওঁৰ বৌৱেক সুধা দেবীয়ে।

সুশান্তৰ এগৰাকী সম্পৰ্কীয় জ্যেষ্ঠ ভাতৃৰ পত্নী আছিল সুধা দেবী।

দেওবাৰে সুশান্তৰ আত্মহত্যাৰ খৱৰ পোৱাৰ পাছৰে পৰা বিহাৰৰ পূৰ্ণিয়া জিলাৰ ঘৰখনত থকা বৌৱেকে শোকতে খোৱাবোৱা এৰি দিছিল।

শোকত ভাগি পৰা সুধা দেবীয়ে সোমবাৰে নিশা মুম্বাইত দেওৰেক সুশান্তৰ অন্তিম সৎকাৰ চলি থকাৰ সময়তে বিহাৰৰ ঘৰতে হঠাৎ অসুস্থ হৈ পৰে।

শোকে খুন্দা মাৰি ধৰি সুধা দেবীৰ মৃত্যু হোৱা বুলিয়েই পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

সুশান্তৰ আকস্মিক মৃত্যুৱে পৰিয়ালত শোকৰ বন্যা তোলাৰ সময়তে বৌৱেকৰ মৃত্যুৱে পৰিয়ালটোলৈ আৰু এক শোকৰ বাৰ্তা কঢ়িয়াই আনে।

সুশান্ত সিং ৰাজপুত পৰিয়ালৰ আটাইতকৈ কনিষ্ঠ আছিল। তেওঁৰ চাৰিজনী বায়েক আছে।

সুশান্তে শেষবাৰৰ বাবে আজি কেইমাহমান আগতে বিহাৰৰ নিজৰ ঘৰলৈ এক অনুষ্ঠানত যোগ দিবলৈ গৈছিল।

Related News