টাটা গ্ৰুপে লাভ কৰা নাই এয়াৰ ইণ্ডিয়াৰ নিবিদা!

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অস্বীকাৰ চৰকাৰৰ!

Reports of Tata Group winning Air India bid ‘incorrect’

টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়াৰ বাবে নিবিদা লাভ কৰা বুলি সংবাদ মাধ্যমে পৰিৱেশন কৰা বাতৰি অস্বীকাৰ কৰিছে চৰকাৰে।

সংবাদ মাধ্যমত প্ৰকাশ পাইছিল যে টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়াৰ বাবে আধা শতিকাৰো অধিক সময়ৰ বাবে নিবিদা লাভ কৰিছে।

বিনিয়োগ আৰু ৰাজহুৱা সম্পদ ব্যৱস্থাপনা বিভাগে এক টুইটযোগে এই প্ৰকাশিত বাতৰি অস্বীকাৰ কৰে। টুইটটোত কোৱা হৈছে যে, “এয়াৰ ইণ্ডিয়াৰবিনিয়োগৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ দ্বাৰা বিত্তীয় নিবিদা অনুমোদনৰ ইঙ্গিত দিয়া সংবাদ মাধ্যমৰ প্ৰতিবেদন অশুদ্ধ। যেতিয়াই এই সম্পৰ্কে সিদ্ধান্ত লোৱা হ’ব তেতিয়াই সংবাদ মাধ্যমক চৰকাৰী সিদ্ধান্তৰ বিষয়ে অৱগত কৰা হ’ব।”

টাটা গ্ৰুপ আৰু স্পাইচজেটৰ অধ্যক্ষ অজয় সিঙে তেওঁৰ ব্যক্তিগত ক্ষমতাত এই মাহৰ আৰম্ভণিতে ঋণেৰে ভৰ্তি চৰকাৰী এয়াৰলাইন এয়াৰ ইণ্ডিয়াৰ বাবে নিবিদা দিছিল।

২০২০ চনৰ ডিচেম্বৰত চৰকাৰে এয়াৰ ইণ্ডিয়াৰ বিভাজনৰ বাবে আগ্ৰহপ্ৰকাশৰ বাবে আমন্ত্ৰণ জনাইছিল।

চাৰিজন নিবিদাকাৰীয়ে অৱৰুদ্ধ এয়াৰলাইনৰ দায়িত্ব লোৱাৰ দৌৰত প্ৰৱেশ কৰিছিল। অৱশ্যে টাটা গ্ৰুপ আৰু স্পাইচজেটৰ মুখ্য কাৰ্যবাহী বিষয়া অজয় সিঙে চূড়ান্ত পৰ্যায়ত প্ৰৱেশ কৰিছিল।

এয়াৰ ইণ্ডিয়া বিক্ৰী কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডী নেতৃত্বাধীন চৰকাৰৰ এইটো দ্বিতীয় প্ৰয়াস। কেন্দ্ৰই ২০১৮ চনৰ মাৰ্চৰ আৰম্ভণিতে ৰুগীয়া বিমান সেৱা বিক্ৰী কৰাৰ এক অসফল প্ৰয়াস কৰিছিল।

অৱশ্যে, এয়াৰ ইণ্ডিয়াত ৭৬ শতাংশ অংশীদাৰিত্ব বিক্ৰী কৰাৰ বাবে সেই সময়ত এয়াৰলাইনৰ বৰ্ধিত ঋণ সম্পৰ্কীয় উদ্বেগৰ বাবে কোনো বিনিয়োগকাৰী আগবাঢ়ি অহা নাছিল।