ক’ভিড পৰিস্থিতিৰ মাজত বিশ্বনাথতো ৭৩ তম গণৰাজ্য দিৱস উদযাপন

বিশ্বনাথ জিলাৰ সদৰ বিশ্বনাথ চাৰিআলিৰ কাছাৰী ময়দানত দেশৰ ৭৩ তম গণৰাজ্য দিৱস আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ।

পুৱা বিভিন্ন কাৰ্যসূচীৰে আৰাম্ভণি হোৱা তথা পুৱা ৮ বজাত ক্লক টাৱাৰত সংলগ্ন সু-সাহিত্যিক দীননাথ শৰ্মা, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য আৰু দেশপ্ৰাণ লক্ষীধৰ শৰ্মাৰ ‘ত্ৰিমূৰ্তি’ত বিশ্বনাথ সমষ্টিৰ বিধায়কৰ দ্বাৰা পুষ্পাঞ্জলি অর্পণ কৰা হয়।

 ৮:৩০ বজাত “চেনীৰাম দাস শিশু উদ্যান”স্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পিছত ৯ বজাত কাছাৰী ময়দানত বিশিষ্ট অতিথি তথা জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ‌ই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

তেওঁ লগতে আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী, স্কাউট গাইড আদিৰ দ্বাৰা কুচ-কাৱাজ প্রদর্শন তথা অভিবাদন গ্রহণ কৰা হয় ।

কিন্তু কভিড পৰিস্থিতিৰ বাবে পূৰ্বৰ তুলনাত আজি বহু কাৰ্যসূচী বাতিল কৰা লগতে নিৰ্ধাৰিত জনসমাগমৰ মাজত উদযাপন কৰা হয় গণৰাজ্য দিৱসৰ ।