সুস্থ হৈ উঠাৰ পাছতো ৯০ দিনলৈকে সংক্ৰমণ বিয়পাব পাৰে কৰ’না আক্ৰান্তই; গৱেষকৰ দাবী

প্ৰতিনিধিত্বমূলক চিত্ৰ

কোনোবা চিনাকি লোক, আত্মীয় বা পৰিয়ালৰ লোক যদি কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ সম্পূৰ্ণ সুস্থ হি উঠিছে বা আইছ্যলেশ্যনৰ সময় সম্পূৰ্ণ কৰি ওলাইছে তেতিয়াহ’লে তেওঁৰ সৈতে মিলামিছা কৰোতে সাৱধান হওক।

কিয়নো গৱেষকসকলে দাবী কৰিছে যে সুস্থ হৈ উঠাৰ পাছতো ৰোগীৰ শৰীৰত ৯০দিনলৈকে কোভিড-১৯ থাকি যাব পাৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন হাস্পাতলৰ ক্লিনিকেল তথ্য বিশ্লেষণ কৰি চোৱাৰ পাছত গৱেষকসকলে এই কথা প্ৰকাশ কৰিছে।

তেওঁলোকে কৈছে যে গুৰুতৰভাৱে আক্ৰান্ত ৰোগীয়ে সুস্থ হৈ উঠাৰ পাছতো তেওঁৰ শৰীৰত ৯০ দিনলৈকে কোভিড-১৯ ভাইৰাছ থাকি যাব পাৰে।

এই তথ্য পোহৰলৈ অহাৰ পাছতে আশংকা আৰু বৃদ্ধি পাইছে। ভাৰতত ইতিমধ্যে ৯৮হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

তদুপৰি, ভাৰতত আক্ৰান্তৰ সংখ্যা ৬২ লাখ অতিক্ৰম কৰাৰ বিপৰীতে ৫২লাখতকৈয়ো অধিক লোক সুস্থ হৈ উঠিছে।

এতিয়া সুস্থ হৈ উঠা ৰোগীয়েও কোভিড-১৯ সংক্ৰমণ ঘটাব পাৰে বুলি পোৱা তথ্যই উদ্বিগ্নতা বৃদ্ধি কৰিছে।

ইপিনে, গুৰুতৰভাৱে আক্ৰান্ত ৰোগীসকলৰ আইশ্যলেশ্যনৰ ম্যাদ পুনৰ বিবেচনা কৰাৰ বাবে স্বাস্থ্যসেৱাৰ বিষয়া তথা নীতি নিৰ্দ্ধাৰণকাৰীসকলৰ প্ৰতি গৱেষকসকলে আহ্বান জনাইছে।

সাধাৰণভাৱে আক্ৰান্ত ৰোগীসকলৰ শৰীৰত এই ভাইৰাছ ১০দিন পৰ্যন্ত থাকে। তদুপৰি, যিসকলৰৰোগ প্ৰতিৰোধ ক্ষমতা কম আৰু সাধাৰণভাৱে আক্ৰান্ত হৈছিল তেওঁলোকৰ শৰীৰত ২০ দিনলৈকে এই ভাইৰাছ থাকিব পাৰে।

গৱেষকসকলে দাবী কৰা মতে একেবাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা নথকা লোক গুৰুতৰভাৱে কোভিডত আক্ৰান্ত হ’লে তেওঁলোকৰ শৰীৰত ৯০ দিনলৈকে এই ভাইৰাছ থাকিব পাৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেন্টাৰ্ছ ফৰ ডিজিছ কন্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যনৰ তথ্য বিশ্লেষণত এই নতুন তথ্য পোহৰলৈ আহিছে।

গৱেষকসকলে লগতে কৈছে যে গুৰুতৰভাৱে আক্ৰান্ত কোভিড ৰোগীসকলে সুস্থ হৈ উঠাৰ পাছত ১৫ মিনিটৰ ভিতৰতে আনৰ শৰীৰত সংক্ৰমণ ঘটাব পাৰে।