খাদ্যৰ সোৱাদ বেয়া বুলি কোৱাৰ বাবেই গ্ৰাহকৰ গাত গৰম তেল ঢালিলে ৰেস্তোঁৰাৰ মালিকে

Restaurant owner pours hot oil on a customer সুস্বাদু খাদ্য খাবলৈ বুলি এখন ৰেস্তোঁৰাত সোমাইছিল এগৰাকী ব্যক্তি। খাদ্য অৰ্ডাৰ দিলে। যথা সময়ত খাদ্য আহি উপস্থিত হ’ল টেবুলত। কিন্তু খাদ্য মুখত দি নাপালে মনে বিচৰা সোৱাদ। তাকে লৈ গ্ৰাহকে অভিযোগ উত্থাপন কৰিলে ৰেস্তোঁৰাৰ মালিকৰ আগত। খাদ্যৰ দামক লৈও উত্থাপন কৰিলে প্ৰশ্ন।

ইয়াকে লৈ দুয়োৰে মাজত আৰম্ভ হ’ল তৰ্কা-তৰ্কিৰ। এফালে গ্ৰাহকৰ অসন্তুষ্টি আৰু আনফালে মালিকৰ দম্ভ। পৰিণতিত ৰেস্তোঁৰাৰ মালিকে পাকঘৰৰ পৰা উতলি থকা গৰম তেল আনি ঢালিলে গ্ৰাহকৰ গাত।

লগতে পঢ়ক: শক্তি বৃদ্ধি কৰি আগবাঢ়িছে ঘূৰ্ণীবতাহ চিত্ৰাং! ত্ৰিপুৰা, অসমৰ বৰাক উপত্যকাত ৰেড এলাৰ্ট জাৰি

এই ঘটনা উৰিষ্যাৰ কটক চহৰৰ পৰা ৪৫ কিলোমিটাৰ নিলগত থকা এখন বজাৰৰ। আৰক্ষী সূত্ৰই জনোৱা মতে যোৱা দেওবাৰে প্ৰসেনজিৎ পৰিদা নামৰ এগৰাকী ৪৮ বছৰ বয়সীয়া ব্যক্তি খাদ্যৰ জুতি লবলৈ আহি খাদ্যৰ সোৱাদ নথকাৰ অভিযোগত ৰেস্তোঁৰাখনৰ মালিকৰ লগত তৰ্ক যুদ্ধত লিপ্ত হয়।

ইপিনে ৰেস্তোঁৰাৰ মালিকেও অভিযোগক গুৰুত্ব সহকাৰে লোৱাৰ সলনি উলটি ধৰে গ্ৰাহকজনক। অৱশেষত ৰেস্তোঁৰাৰ মালিকে খঙৰ ভমকত গ্ৰাহকজনৰ গাত গৰম তেল ঢালি দিয়ে।

লগতে পঢ়ক: সস্তা দামত আপেল ক্ৰয় কৰি চৰা দামত বিক্ৰী কৰিছে মোডীৰ বন্ধু আদানীয়ে; কাৰ অভিযোগ?

অসহ্য যন্ত্ৰণাত চিৎকাৰ কৰি উঠা গ্ৰাহকজনক স্থানীয় লোকৰ তৎপৰতাত ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয়। সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ভুক্তভোগী গ্ৰাহক প্ৰসেনজিৎ পৰিদা।

জানিব পৰা মতে, যোৱা দেওবাৰে বালিচন্দ্ৰপুৰ থানাত ৰেস্তোঁৰাখনৰ মালিকৰ বিৰুদ্ধে ৰুজু হৈছে এটি গোচৰ।