স্বৰ্ণলতা শিশু কল্যাণ সমিতিয়ে অনুষ্ঠিত কৰা সাহিত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

আজি আছে বঁটা বিতৰণী অনুষ্ঠান

Children Day

শিশু দিৱস উপলক্ষে স্বৰ্ণলতা শিশু কল্যাণ সমিতিয়ে অনুষ্ঠিত কৰা সাহিত্য প্ৰতিযোগিতাসমূহৰ ফলাফল ঘোষণা কৰা হৈছে। প্ৰতিযোগিতাত স্থান লাভ কৰা সকলক অহা ১৮ নৱেম্বৰ (দেওবাৰ)ত সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰিব লগীয়া শিশু দিৱসৰ কাৰ্য্যসূচীত বঁটা দিয়া হ’ব। সমিতিয়ে শিশু দিৱসৰ কাৰ্য্যসূচী উক্ত দিনটোত গুৱাহাটীৰ পাণবজাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিয়লি ২ বজাত অনুষ্ঠিত কৰিব।

প্ৰতিযোগিতাত স্থান লাভ কৰাসকল ক্ৰমে-

ৰচনাত-

প্ৰথম- নেহা ডেকা (দশম শ্ৰেণী, গণেশনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়),

দ্বিতীয়- বাৰ্বী শইকীয়া (দশম শ্ৰেণী, মহাত্মা বাল্যভৱন, গোলাঘাট),

তৃতীয়- বনানী বৰা (নৱম শ্ৰেণী,  বামুণ পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়) আৰু সৌৰভজ্যোতি দাস (নৱম শ্ৰেণী,  কুশল কোঁৱৰ বাল্য ভৱন গোলাঘাট),

চতুৰ্থ- দেৱশ্ৰী চৌধুৰী (দশম শ্ৰেণী, মহাত্মা বাল্যভৱন, গোলাঘাট)।

গল্পত-

প্ৰথম- নিৰ্বাচিত নহ’ল

দ্বিতীয়- চুনু বেগম(সপ্তম শ্ৰেণী, কামৰূপ একাডেমি, গুৱাহাটী),

তৃতীয়- প্ৰাংগনা কৌণ্ডিন্য( পঞ্চম শ্ৰেণী, মৰঙী শিশু ভৱন, গোলাঘাট),

চতুৰ্থ- স্বপ্নালী দাস (সপ্তম শ্ৰেণী হেঙেৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়, গুৱাহাটী)।

কবিতাত-

প্ৰথম- শ্ৰী হৃষীকেশ দত্ত (চতুৰ্থ শ্ৰেণী, ফলঙনী আদৰ্শ প্ৰাথমিক বিদ্যালয়) আৰু

তৃষা দাস (শ্ৰীমন্ত শংকৰদেৱ জাতীয় বিদ্যালয় পাঞ্জাবাৰী, গুৱাহাটী, দ্বিতীয় শ্ৰেণী)

দ্বিতীয়- অনন্যা দত্ত (তৃতীয় শ্ৰেণী ফলঙনী জাতীয় বিদ্যালয়) আৰু শ্ৰুতিস্মৃতি ৰাজখোৱা (চতুৰ্থ শ্ৰেণী ফলঙনী আদৰ্শ প্ৰাথমিক বিদ্যালয়)

তৃতীয়- পঞ্চী ৰাজখোৱা (চতুৰ্থ শ্ৰেণী চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয়, যোৰহাট) আৰু অন্বেষা দত্ত (তৃতীয় শ্ৰেণী, ফলঙনী জাতীয় বিদ্যালয়, গোলাঘাট),

চতুৰ্থ- মেঘৰাগিণী বৰা (চতুৰ্থ শ্ৰেণী মহাত্মা বাল্যভৱন, গোলাঘাট) আৰু নীৰজ হাজৰিকা (তৃতীয় শ্ৰেণী কে ভি-৩ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, তেজপুৰ)

সকলো প্ৰতিযোগীক অনুষ্ঠানত উপস্থিত থাকিবলৈ বিনম্ৰ অনুৰোধ জনাইছে আয়োজক সমিতিয়ে। লগতে সকলো শিশুপ্ৰেমী ৰাইজক সেইদিনাৰ অনুষ্ঠানত সভাগৃহত উপস্থিত থাকিবলৈ সমিতিৰ সভাপতি আৰু সম্পাদকে অনুৰোধ জনাইছে। আনহাতেদি কিবা কাৰণত উপস্থিত থাকিব নোৱৰা প্ৰতিযোগীলৈ ডাকযোগে পুৰস্কাৰসমূহ পঠাই দিয়া হ’ব বুলি সমিতিৰ প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ।