উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এছ আব্দুল নাজিৰক অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ন্যায়াধীশ হিচাপে তেওঁৰ কাৰ্যকালত তেওঁ বহুতো গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি কৰিছিল। তেওঁ বহুতো সংবেদনশীল গোচৰত বিচাৰক আছিল।
তেওঁ অযোধ্যা ৰামজন্মভূমি ভূমি সংক্ৰান্ত গোচৰৰ ন্যায়াধীশ আছিল। তেওঁ তিনি তালাক গোচৰৰো ন্যায়াধীশ আছিল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেওবাৰে প্ৰাক্তন ন্যায়াধীশ এছ আব্দুল নাজিৰক অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছে।
মাত্ৰ পাঁচ সপ্তাহ পূৰ্বে ৪জানুৱাৰী তাৰিখে তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। এতিয়ালৈকে অযোধ্যা গোচৰৰ পাঁচজনীয়া বিচাৰপীঠৰ তিনিজন প্ৰাক্তন ন্যায়াধীশক অৱসৰৰ পিছত গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে।
ইয়াৰ আগতে বিচাৰপীঠৰ নেতৃত্ব দিয়া ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অৱসৰৰ পিছত ৰাজ্যসভালৈ মনোনীত কৰা হৈছিল। ন্যায়াধীশ অশোক ভূষণ তেওঁৰ অৱসৰৰ চাৰি মাহ পিছত ২০২১ চনৰ ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধিকৰণৰ অধ্যক্ষ হৈছিল।
ন্যায়াধীশ নাজিৰৰ জন্ম ১৯৫৮ চনৰ ৫ জানুৱাৰীত হৈছিল। তেওঁক ২০০৩ চনত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। ২০১৭ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত হৈছিল।
নাজিৰৰ উচ্চতম ন্যায়ালয়ৰ যাত্ৰাক লৈও কম হুলস্থুল হোৱা নাছিল। কিয়নো ন্যায়াধীশ নাজিৰৰ আগত উচ্চতম ন্যায়ালয়লৈ যাবলগীয়া বহুতো জ্যেষ্ঠ ন্যায়াধীশ আছিল। কিন্তু কলেজিয়ামে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে ন্যায়াধীশ নাজিৰৰ নাম প্ৰস্তাৱ কৰিছিল। কাৰণ ইয়াৰ দ্বাৰা উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত বৈচিত্ৰতা বৃদ্ধি পাব। যিহেতু ন্যায়াধীশ নাজিৰ এটা সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধি।
কিন্তু কলেজিয়ামৰ এই সিদ্ধান্ত বহুতো ন্যায়াধীশে মানি লোৱা নাছিল। উদাহৰণ স্বৰূপে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নাজিৰৰ শপত গ্ৰহণৰ আগতে ন্যায়াধীশ এইচ জি ৰমেশে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। ন্যায়াধীশ ৰমেশ ন্যায়াধীশ নাজিৰতকৈ জ্যেষ্ঠ আছিল।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে এছ খেহৰলৈ লিখা এক অপ্ৰত্যাশিত পত্ৰত ন্যায়াধীশ ৰমেশে লিখিছিল, “ভাৰতৰ সংবিধানে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ পদত ধৰ্ম বা জাতিৰ ভিত্তিত কোনো সংৰক্ষণ সমৰ্থন নকৰে।‘’ অৱশ্যে, তেওঁৰ পত্ৰখনে শেষত কোনো কাম নিদিলে।