দিখৌমুখৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী ঘন কাকতীৰ দেহাৱসান

FB_IMG_1540370862673

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ অঞ্চলৰ এগৰাকী প্ৰবীণ শিক্ষাবিদ, সমাজকৰ্মী, দুলীয়া গাৱঁৰ নিবাসী, অৱসৰপ্ৰাপ্ত শিক্ষক, সৰবৰহী ব্যক্তি ঘন কাকতীৰ যোৱা নিশা প্ৰায় ২.১৫ বজাত নিজা বাসগৃহত প্ৰায় ৮৮ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে৷ বিশিষ্ট বয়োজ্যেষ্ঠ নাগৰিক গৰাকী যোৱা কিছুদিন ধৰি বাৰ্দ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ ঘৰতে শয্যাশায়ী হৈ আছিল৷

স্মৰ্তব্য এই যে ১৯৩০ চনত জন্মলাভ কৰা এইগৰাকী ব্যক্তিয়ে আনুষ্ঠানিক শিক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছতে শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত হৈছিল৷ ইয়াৰ অংশ হিচাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈয়েই প্ৰথমে লংপতীয়া আৰু খনাখোকোৰাত শিক্ষকতাৰ সেৱা আগবঢ়োৱা কাকতীয়ে অসম চৰকাৰৰ ৰেচম বিভাগ আৰু ভাৰত চৰকাৰৰ ডাক বিভাগত কিছু কিছু দিন চাকৰি কৰাৰ পিছতো পিছলৈ পুণৰ নিগাজীকৈ গৌৰীসাগৰ ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰ বৃত্তিত জড়িত হৈ বিগত ১৯৯১ চনৰ অক্টোবৰ মাহত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল৷

আনহাতে অতি অমায়িক আৰু সৰবৰহী ব্যক্তি হিচাবে পৰিচিত কাকতীয়ে জীৱিত কালত শিক্ষকতাৰ দৰে মহান বৃত্তিৰ লগতে সমাজৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো ওতঃপোত ভাৱে জড়িত হৈ সমাজলৈ সেৱা আগবঢ়াইছিল৷ মৃত্যুৰ সময়ত তেখেতে তিনিজন পুত্ৰ ক্ৰমে ডিব্ৰগড়ত উপ আৰক্ষী অধীক্ষক হিচাবে কৰ্মৰত বৰপুত্ৰ জ্যোতিষ কাকতী, শিক্ষক হিচাবে কৰ্মৰত দ্বিতীয় পুত্ৰ প্ৰকাশ কাকতি আৰু গুৱাহাটীৰ মহাগাণনিক কাৰ্যালয়ত জ্যেষ্ঠ হিচাপ পৰীক্ষা বিষয়া হিচাবে কৰ্মৰত সৰু পুত্ৰ হিতেশ কাকতী সহ দুগৰাকী বিবাহিতা কন্যা, বোৱাৰী, নাতি-নাতিনী, পৰিয়াল-পৰিজন আৰু অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যোৱা শিক্ষাবিদ গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে আজি তেওঁৰ বাসগৃহত অগণন শোকস্তব্ধ গুণমুগ্ধ লোকে গৈ ভীৰ কৰেহি৷

প্ৰয়াত শিক্ষাবিদ গৰাকীৰ বাগগৃহতে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসংখ্য ব্যক্তি বিশেষৰ লগতে শিৱসাগৰ জিলা সাহিত্য সভা, দিখৌমুখ শাখা সাহিত্য সভা, জিলা সাহিত্য সভাৰ ভগ্নী সংগঠন “আকাশ”, দিখৌমুখ প্ৰেছ ক্লাৱ, দিখৌমুখ মহাবিদ্যালয়, দিছিয়াল ৰাস সমিতি, খনাখোকোৰা বালিকা মধ্য অসমীয়া, খনাখোকোৰা বালক মধ্য অসমীয়া, খনাখোকোৰা উচ্চ মাধ্যমিক বিদ্যালয়, দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধনেখোৱা নামঘৰ পৰিচালনা সমিতি, দিখৌমুখ আঞ্চলিক বৈষ্ণৱ সমাজ, আঞ্চলিক বৈদিক সমাজ, ধনেখোৱা মুক্তিকামী সংঘ, বিজেপি আৰু অগপৰ দিখৌমুখ আৰু কাৱৈমাৰী আঞ্চলিক সমিতি, দিখৌপৰীয়া আঞ্চলিক মহিলা সমিতি, শিৱসাগৰ জিলা সাহিত্য সভাৰ মধ্যকালীন অধিবেশনৰ আদৰণি সমিতি, দুলীয়া জ্যোতিষ্মান যুৱ সংঘ, জয়া মহিলা সমিতি, বৰ্হমথুৰি সাংস্কৃতিক চৰ্চা কেন্দ্ৰ, গৌৰীসাগৰ আৰক্ষী থানা, গৌৰীসাগৰ গাওঁ ৰক্ষী বাহিনী, গৌৰীসাগৰ শাখা সাহিত্য সভা, গৌৰীসাগৰ জ্যেষ্ঠ নাগৰিক মঞ্চ, গৌৰীসাগৰ চেন্ট্ৰেল পাব্লিক হল আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শিক্ষাবিদ গৰাকীৰ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

ইয়াৰ পিছতে এক শোকাকুল পৰিবেশত প্ৰয়াত শিক্ষাবিদ গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷ শিক্ষাবিদ গৰাকীৰ দেহাৱসানত দিখৌমুখৰ লগতে ইয়াৰ উপকণ্ঠ গৌৰীসাগৰ অঞ্চলতো গভীৰ শোকৰ ছাঁ পৰিছে৷